
ভূমিস্খলন (Landslide) হৈ পাহাৰৰ পৰা নামি অহা শিল গাড়ী এখনৰ ওপৰত পৰাৰ ফলত মৃত্যুমুখত পৰে তেৰজন লোক (Thirteen people died)। শুকুৰবাৰে হিমাচল প্ৰদেশৰ চাম্বা (Chamba in Himachal Pradesh) জিলাত সংঘটিত হয় এই ঘটনা।
স্থানীয় প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, কিল্লাৰ-উদয়পুৰ পথৰ কাডু নালাৰ সমীপৰ পাংগী উপত্যকাত সংঘটিত হৈছে এই ঘটনা। ভৰমৌৰ-পাংগীৰ বিধায়কজনক স্থানীয় ৰাইজে এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে। ১৩ জন লোকৰ মৃত্যুৰ খবৰো তেওঁ নিশ্চিত কৰে। জানিব পৰা মতে, গাড়ীখনত ১৫জন লোক আছিল। গাড়ীখন লাহুল-স্পিতিৰ উদয়পুৰৰ পৰা পাংগীলৈ গৈ আছিল। সেই সময়ত ভূমিস্খলনৰ ফলত গাড়ীখনে খুন্দা মাৰে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ভূমিস্খলনৰ বাবে কেইবাদিনো বন্ধ হৈ আছিল কিল্লাৰ-উদয়পুৰ পথ। শুকুৰবাৰে পুৱা পুনৰ যাতায়াত আৰম্ভ হয়।

আৰক্ষীয়ে জনোৱা মতে, গাড়ীখনৰ দুজন যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। মৃত্যু হোৱা ১৩ জনৰ ভিতৰত এটা ছমহীয়া কেঁচুৱাও আছে। উল্লেখ্য যে হিমাচলত কেইবাদিনো ধৰি প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হৈ আহিছে। ঠায়ে ঠায়ে ভূমিস্খলনো সংঘটিত হৈছে। এনে পৰিস্থিতিত বতৰ বিজ্ঞান বিভাগে মানুহক ভূমিস্খলন প্ৰৱণ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বাৰিষাৰ সময়ত দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখন অত্যন্ত বিপজ্জনক হৈ পৰে। কিল্লাৰ-উদয়পুৰ পথৰ বহু ঠাইত ভূমিস্খলনৰ প্ৰৱণতা থাকে। বিশেষকৈ বাৰিষাৰ সময়ত এই পথটো অতি বিপজ্জনক হৈ পৰে। গতিকে বাৰিষা আৰম্ভ হোৱাৰ লগে লগে এই পথত সাৱধানে আৰু সতৰ্কতাৰে গাড়ী চলোৱাটো বাঞ্ছনীয়।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শুকুৰবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা। শিলবোৰ ঢিলা হৈ আহি ৰাস্তাত খুন্দা মাৰি নামি আহে। সেই সময়ত ৰাস্তাৰে এখন গাড়ী পাৰ হৈ আছিল। ডাঙৰ শিল এটাৰ তলত গাড়ীখন চেপেটা হৈ পৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয়। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শিল আঁতৰোৱাৰ পিছত গাড়ীখন কাটি মৃতদেহকেইটা উলিয়াই অনা হৈছে।













