
প্ৰশ্নকাকত ফাদিল (Question paper leak accused) কৰা অভিযুক্তক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ (10 years of imprisonment) লগতে ১০ কোটি টকাৰ জৰিমনা (fine of 10 crore rupees)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণাৰ পাছতে শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে এই সন্দৰ্ভত খচৰা বিধেয়কখনত অনুমোদন (Approval in the draft bill) জনায়। অহা সপ্তাহত সংসদত দাখিল কৰিব পাৰিব বিধেয়কখন।
শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে বিধেয়কখনত অনুমোদন জনায়। যদিহে বিধেয়কখন আইনত পৰিণত হয় তেন্তে প্ৰশ্নকাকত ফাদিল গোচৰৰ অভিযুক্তক অধিক কঠোৰ শাস্তি প্ৰদান কৰিব পাৰিব। ইয়াৰ দ্বাৰা ফাষ্ট ট্ৰেক আদালতত গোচৰৰ ক্ষিপ্ৰ বিচাৰো নিশ্চিত কৰিব পাৰি। সূত্ৰই জনোৱা মতে, যদিহে বিধেয়কখন আইনত পৰিণত হয় তেন্তে প্ৰশ্নকাকত ফাদিল গোচৰত দোষীক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব পাৰে। লগতে ১০ কোটি টকা পৰ্যন্ত জৰিমনা।

বৃহস্পতিবাৰে নিশা ভিডিঅ’ বাৰ্তাযোগে মোদীয়ে কয় যে চৰকাৰে ফাষ্ট ট্ৰেক আদালত গঠন কৰি নীট গোচৰৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবে এখন খচৰা বিধেয়ক প্ৰস্তুত কৰি আছে। শুকুৰবাৰে কেবিনেটে এই সন্দৰ্ভত আলোচনা কৰিব। লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে অহা সপ্তাহত সংসদত বিধেয়কখন গৃহীত কৰাৰ প্ৰয়াস কৰা হ’ব বুলিও তেওঁ কয়।
বৃহস্পতিবাৰে নিশা ২. ৫৫ বজাৰ ভিডিঅ’ বাৰ্তাত মোদীয়ে কয় যে প্ৰশ্নকাকত ফাদিল হোৱাটো সাধাৰণ বিষয় নহয়, লাখ লাখ প্ৰাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকৰ বাবে ই যন্ত্ৰণাদায়ক। এই কেলেংকাৰিৰ বিৰুদ্ধে যোৱা ডেৰ-দুমাহত চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ কয়। দোষীক গ্ৰেপ্তাৰ কৰি সংশোধনী কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ মতে দ্বিতীয় পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে, যাতে ছাত্ৰ-ছাত্ৰীসকলৰ এটা বছৰ নষ্ট নহয়।
মোদীৰ এই আশ্বাসৰ পিছত গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সমাজকৰ্মী সোণম ৱাংচুকে অনশন প্ৰত্যাহাৰ কৰে। নীট কেলেংকাৰীৰ প্ৰতিবাদত অনশন কৰিছিল তেওঁ। দিল্লীৰ যন্তৰ-মন্তৰত নীট কেলেংকাৰীৰ প্ৰতিবাদত ককৰোচ জনতা পাৰ্টীয়েও প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ তিনিটা দাবীৰ ভিতৰত এটা হৈছে ধৰ্মেন্দ্ৰ প্ৰধানে দেশৰ শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰক। যোৱা মে’ মাহৰ পৰা কেইবাজনো পৰীক্ষাৰ্থীয়ে নীট কেলেংকাৰী, চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ বাবে আত্মহত্যা কৰিছে। তেওঁলোকৰ পৰিয়ালক এক কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈও দাবী জনাইছে চিজেপিয়ে।













