
তেলেংগানাত (Telengana) আন এজন চৰকাৰী অভিযন্তাৰ (Govt. Engineer) বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখাই (Anti-Corruption Branch) নিজৰ জিম্মাত থকা অভিযন্তাজনক জেৰা অব্যাহত ৰাখিছে। বুধবাৰে এচিবিয়ে হায়দৰাবাদৰ অভিযন্তা মুটিয়াম ভেংকটৰমনৰ (Mutyam Venkatraman) কেইবাটাও ঠিকনাত তালাচী চলায়। তদন্তকাৰীৰ সূত্ৰ মতে, প্ৰথম অৱস্থাত অভিযন্তাজনৰ ১৫০ কোটি টকা (150 Cr.)ৰ সম্পত্তিৰ সন্ধান (Searching for property) পোৱা গৈছে। কিন্তু মুঠ সম্পত্তিৰ পৰিমাণ তাতকৈ বেছি বুলি অনুমান কৰা হৈছে।
এচিবিৰ সূত্ৰ অনুসৰি, ভেংকটৰমনৰ কেইবাটাও ঘৰ, কাৰ্যালয় আৰু তেওঁৰ একাংশ আত্মীয়ৰ ঘৰতো তালাচী চলোৱা হয়। অভিযোগ অনুসৰি, অভিযন্তাজনৰ বহু বেনামী সম্পত্তি আছে। সেইবোৰৰো অৱস্থান জানিবলৈও চেষ্টা চলাইছে তদন্তকাৰীয়ে। বুধবাৰৰ অনুসন্ধানত হায়দৰাবাদৰ লগতে কাষৰীয়া কেইবাখনো জিলাত ভেংকটৰমনৰ ঘৰ, মাটি, ফ্লেট আৰু বাংলো উদ্ধাৰ হয়।
তদন্তৰ সূত্ৰ অনুসৰি, ভেংকটৰমনৰ চেৰিলিংগাম্পালী আৰু কুকটপল্লীত চাৰিটা ফ্লেট আছে, যিবোৰৰ মুঠ বজাৰ মূল্য ১.৫ কোটি টকা। তদুপৰি অঞ্জনেয়া নগৰ আৰু কুটকাটপল্লীত প্ৰায় ২ কোটি টকাৰ দুটা চাৰি মহলীয়া বাণিজ্যিক ভৱন আছে। বেগুম্পেটত ছয় মহলীয়া বাসগৃহ আছে ভেংকটৰমনৰ। তদন্তকাৰীয়ে জনোৱা মতে, অভিযন্তাজনে শেহতীয়াকৈ অঞ্জনেয়া নগৰ আৰু মুছাপেটত ১০টা এপাৰ্টমেণ্ট নিৰ্মাণ কৰি আছে। যাৰ বৰ্তমান বজাৰ মূল্য ২০ কোটি টকাতকৈও অধিক। তদুপৰি, তদন্তকাৰীয়ে বিভিন্ন সূত্ৰৰ পৰা তথ্য লাভ কৰিছে যে তেওঁ আন কেইবাটাও স্থানতো বাসগৃহ নিৰ্মাণ কৰি আছে।

স্থাৱৰ সম্পত্তিৰ উপৰি তদন্তকাৰীয়ে কেইবা কোটি টকাৰ অস্থাৱৰ সম্পত্তিও উদ্ধাৰ কৰিছে। এচিবিৰ সূত্ৰ অনুসৰি, ভেংকটৰমনৰ এটা একাউণ্টত ৫২ লাখ টকা উদ্ধাৰ হৈছে। জব্দ ৪ কোটি মূল্যৰ ২ কেজি সোণ। তিনিখন বিলাসী গাড়ী উদ্ধাৰ কৰা হৈছে, যাৰ বজাৰ মূল্য প্ৰায় ৪৫ লাখ টকা। ইয়াৰ উপৰি ৩০ লাখ টকাৰ আচবাব আৰু ইলেক্ট্ৰনিক গেজেট, ২.৫ লাখ টকাৰ ২০ বটল সুৰা উদ্ধাৰ কৰা হৈছে। অৱশ্যে সমগ্ৰ সম্পত্তিৰ সন্ধান এতিয়াও হোৱা নাই বুলি সূত্ৰই প্ৰকাশ কৰিছে।
উল্লেখ্য যে ২০১৯ চনত তেওঁ উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতে-লোতে ধৰা পৰিছিল। ২৫ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে। ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাই অভিযন্তাজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। সেই সময়ত অভিযন্তাজনৰ এটা ঠিকনাৰ পৰা ২৬ লাখ টকা নগদ ধন আৰু ২২ লাখ টকাৰ সোণৰ গহনা উদ্ধাৰ কৰা হৈছিল।
উল্লেখ্য যে যোৱা সপ্তাহত হায়দৰাবাদত উদ্ধাৰ হৈছিল এজন চৰকাৰী অভিযন্তাৰ ১০০ কোটি টকাৰ সম্পত্তি। অভিযুক্ত অভিযন্তাজনৰ নাম বি ৰবীন্দ্ৰ। তেওঁক গ্ৰেপ্তাৰ কৰা হয়। এইবাৰ দুৰ্নীতি নিবাৰক শাখাই আন এজন অভিযন্তাৰ বিশাল সম্পত্তিৰ সন্ধান লাভ কৰিলে।











