
বুধবাৰে নিশা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ ফলত দিল্লীৰ যন্তৰ-মন্তৰ উত্তপ্ত হৈ পৰে। বৃহস্পতিবাৰে পুৱা তাত পৰিস্থিতি কিছু শান্ত হৈ আছে যদিও ক্ৰমান্বয়ে ভিৰ বাঢ়িছে। নিৰাপত্তাজনিত কাৰণত পুৱা ৭.৩০ বজাৰ পৰা বন্ধ হৈ আছে দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন।

ইয়াৰ ভিতৰত আছে লোক কল্যাণ মাৰ্গ, ৰাজীৱ চ’ক, উচ্চতম ন্যায়ালয়, সেৱা তীৰ্থ, কেন্দ্ৰীয় সচিবালয় আদি গুৰুত্বপূৰ্ণ ষ্টেচন। বৃহস্পতিবাৰে পুৱা যন্তৰ-মন্তৰত সংবাদ মাধ্যমক সম্বোধন কৰি ককৰোচ জনতা পাৰ্টীৰ মুৰব্বী অভিজিৎ দীপকেয়ে কয় যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত ৰাখিব।
অৱশ্যে শিক্ষাবিদ তথা সমাজকৰ্মী সোণম ৱাংচুকক অনশন বাতিল কৰিবলৈ আহ্বান জনাইছে। অভিজিতে কয়, “আজি আমাৰ আন্দোলনৰ ৩৪ নং দিন। আৰু সোণম ৱাংচুকৰ অনশনৰ ২৬ নং দিন। আমাৰ প্ৰতিবাদ যিদৰে আছিল তেনেকৈয়ে চলি থাকিব। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে আমি বাতিল নকৰো।” ৱাংচুকলৈ তেওঁৰ বাৰ্তা, “অনশন বন্ধ কৰক।
আমি নিবিচাৰোঁ যে আপোনাৰ জীৱন বিপদত পৰক। আপোনাৰ জীৱন এই দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ।” অভিজিতে দাবী কৰে যে বিজেপিয়ে বাহিৰৰ লোকক আনি তেওঁলোকৰ আন্দোলনক ভেঙুচালি কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয়, “বিজেপিয়ে বাহিৰৰ পৰা মানুহ আনিছে। এমাহ ধৰি আমি ইয়াত (যন্তৰ-মন্তৰত) বহি আছোঁ। কোনো ঘটনা হোৱা নাই। এতিয়া বিজেপিৰ গুণ্ডা আনিছে।
তেওঁলোকে শিলগুটি নিক্ষেপ কৰিছে। আৰক্ষীয়ে বাহনত শিল আনিছে। বিজেপিয়ে শিলগুটি নিক্ষেপ কৰি চিজেপিক দোষাৰোপ কৰিছে।”
বুধবাৰে সন্ধিয়াৰ পিছত যন্তৰ-মন্তৰ প্ৰতিবাদস্থলীত নতুনকৈ জনসমাগম আৰম্ভ হয়।
ওচৰৰ ইণ্ডিয়া গেট এলেকাতো বৃহৎসংখ্যক লোকক দেখা যায়। বৃহৎসংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ পাছতো একাধিক শিলগুটি নিক্ষেপ আৰু সংঘৰ্ষৰ ফলত সন্ধিয়াৰ পৰা পৰিস্থিতি উত্তপ্ত হৈ পৰে। একাধিক বিচ্ছিন্ন সংঘৰ্ষৰ পিছত যন্তৰ-মন্তৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত নিৰাপত্তা কটকটীয়া কৰা হৈছে।
কোনো কোনো ঠাইত প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাৰ লগতে একাংশ দুষ্কৃতিকাৰীয়ে নিৰাপত্তাৰক্ষীক লাঠিৰে আক্ৰমণ কৰাৰ অভিযোগ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত আৰক্ষী মোতায়েন কৰা হৈছে।












