
মেডিকেল প্ৰৱেশ পৰীক্ষাত (NEET-UG) প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰক ধমক দি উচ্চতম ন্যায়ালয়ে (Supreme Court) কেন্দ্ৰক তিৰস্কাৰ (Criticize the center) কৰিছে। শুকুৰবাৰে ন্যায়াধীশ পি এছ নৰসিংহ আৰু আলোক আৰাধ্যাৰ বিভাগীয় বিচাৰপীঠে তেওঁলোকৰ পৰ্যবেক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰক কয়, “আমি এই বিষয়টো নিয়মীয়াভাৱে চলি থাকিবলৈ দিব নোৱাৰো।”
শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এক শুনানিৰ জৰিয়তে পৰীক্ষা ব্যৱস্থাত থকা ইটোৰ পিছত সিটো সুৰুঙা বন্ধ কৰিবলৈ কেন্দ্ৰ আৰু নীটৰ আয়োজক সংস্থা নেচনেল টেষ্টিং এজেন্সীক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কেন্দ্ৰক কয় যে তেওঁলোকে “প্ৰশ্নকাকত ফাদিলৰ বিষয়টো অতি নিবিড়ভাৱে নিৰীক্ষণ কৰিব” আৰু “নিয়মিতভাৱে অগ্ৰগতিৰ পৰ্যালোচনা” কৰিব।

শীৰ্ষ আদালতে ঘোষণা কৰে, “আমি সকলো কাম প্ৰতিষ্ঠানিক হোৱাটো নিশ্চিত কৰিম।” শুকুৰবাৰে ন্যায়াধীশ নৰসিংহ আৰু আৰাধ্যাৰ বিভাগীয় বিচাৰপীঠে কেন্দ্রক সম্পূর্ণ অনলাইন পদ্ধতিৰে পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ কি পদক্ষেপ লোৱা হৈছে সেই বিষয়ে জানিবলৈ কয়৷ বিচাৰপীঠে মন্তব্য কৰে, “কম্পিউটাৰ ভিত্তিক পৰীক্ষাৰ প্ৰৱৰ্তন হ’লে আপুনি কেনেকৈ তথ্য সুৰক্ষা নিশ্চিত কৰিব, অনুগ্ৰহ কৰি আমাক কওক।”
উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰৰ অধিবক্তা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, “ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধানৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাইছে।” লগতে আদালতৰ সন্মুখত ‘সামগ্ৰিক ছবি’ দাঙি ধৰিবলৈ আৰু কিছু সময় বিচাৰে। ইয়াৰ উত্তৰত দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কয়, “আমি বিষয়টো মধ্যমীয়াভাৱে আগবাঢ়ি যাবলৈ দিব নোৱাৰো।” সোমবাৰে (২৭ জুলাই) এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। উচ্চতম ন্যায়ালয়ে কেন্দ্রক কেনেদৰে তথ্য সুৰক্ষা সুনিশ্চিত কৰিব আৰু পৰীক্ষাটো অনলাইনত অনুষ্ঠিত হ’লে হেকিং ৰোধৰ বাবে কি পৰিকল্পনা আছে, যাতে প্ৰশ্ন ফাদিল হোৱাৰ আশংকা নাথাকে সেই সন্দৰ্ভত বিতং তথ্য দাখিল কৰিবলৈ কয় ।











