
কেন্দ্ৰৰ সৈতে অনুষ্ঠিত বৈঠকত ককৰোচ জনতা পাৰ্টীয়ে (CJP) শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ (Dharmendra Pradhan) পদত্যাগৰ দাবীত অটল (Firm on resigning) হৈ আছে। শুকুৰবাৰে বিয়লি দিল্লীৰ কনষ্টিটিউচন ক্লাবত চিজেপিৰ দুই প্ৰতিনিধি সৌৰভ দাস আৰু আশুতোষ ৰাংকাই দুই কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে সাক্ষাৎ কৰে। এই বৈঠকত ধৰ্মেন্দ্ৰৰ পদত্যাগৰ বাহিৰেও তেওঁলোকে আৰু দুটা দাবী উত্থাপন কৰে।
প্ৰায় দুঘণ্টা ধৰি চলি থকা বৈঠকৰ অন্তত শনিবাৰে বিয়লিলৈ কেন্দ্ৰই সময় বিচাৰিছে বুলি দাবী কৰে চিজেপিয়ে। শনিবাৰে কেন্দ্ৰই তেওঁলোকৰ সৈতে পুনৰ বৈঠক অনুষ্ঠিত কৰিব পাৰে। ধৰ্মেন্দ্ৰক অপসাৰণ নকৰিলে বৃহত্তৰ আন্দোলনৰ আহ্বানো জনাইছে চিজেপিয়ে।

ধৰ্মেন্দ্ৰৰ পদত্যাগৰ উপৰি ককৰোচ পাৰ্টীয়ে আৰু দুটা দাবী উত্থাপন কৰিছে। তেওঁলোকৰ দুজন প্ৰতিনিধিয়ে কয় যে এই দাবী দুটাৰ বিষয়ো বৈঠকত উত্থাপন কৰা হৈছে। দাবী দুটাৰ ভিতৰত এটা হ’ল নীট প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে পৰীক্ষা বাতিল হোৱাৰ পিছত আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিয়া। আনটো হ’ল প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে দাখিল কৰা সকলো গোচৰ আৰু এফআইআৰ খাৰিজ কৰা। শুকুৰবাৰৰ বৈঠকৰ অন্তত চিজেপিয়ে কয় যে কেন্দ্ৰই এই দাবী দুটা মানি লৈছে।
বৈঠকত কি কি বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল সেই কথা প্ৰকাশ কৰিব বিচৰা নাই মন্ত্ৰী দুগৰাকীয়ে। নাড্ডাই মাথোঁ কয় যে বৈঠকখন ‘আন্তৰিক’ পৰিৱেশত হৈছিল। একে সময়তে তেওঁ কয়, “তেওঁলোকে (চিজেপিৰ প্ৰতিনিধিয়ে) তিনিটা দাবী উল্লেখ কৰিছে। তেওঁলোকে পৰীক্ষা ব্যৱস্থাৰ বাবে পাঁচটা সংগঠনৰ প্ৰস্তাৱো আগবঢ়াইছে। মই তেওঁলোকক কৈছোঁ যে আমি কাইলৈ বিয়লি পুনৰ লগ হ’ম।”











