
ডিফুৰ অন্যতম শৈক্ষিক তথা সামাজিক অনুষ্ঠান ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস দেওবাৰে নিশা ডিফু ক্লাবত অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত জিলা আয়ুক্ত আৰণ্যক শইকীয়া, কাৰ্যবাহী সদস্য প্ৰভাত তাৰ’ আৰু অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ‘স্বপ্নলোক’ৰ কাম কাজৰ শলাগ লয়৷

উল্লেখযোগ্য যে স্বপ্নলোকৰ সম্পাদক তথা নিজে পোহৰ নেদেখা নিবেদিতাই বহু ছাত্ৰ-ছাত্ৰীক পোহৰৰ বাট দেখুৱাই আহিছে৷ দেওবাৰে অনুষ্ঠিত এক অনুষ্ঠানত বস্তি এলেকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু শুভাকাংক্ষীসকলেও বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে৷ আনহাতে, অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত আৰণ্যক শইকীয়াই স্বপ্নলোকক এটা পৰিয়াল বুলি মন্তব্য কৰে৷
প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বিশিষ্ট শিল্পী পখিলা লেকথেপী আৰু বহু অনাথ শিশুৰ মাতৃ অম্বিকা থাপাক সম্বৰ্ধনা জনোৱা হয়৷ ইফালে নিজৰ ভাষণ প্ৰসংগত প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামীয়ে নিবেদিতাক ঐশ্বৰিক শক্তিসম্পন্ন বুলি অভিহিত কৰে৷

আনহাতে, পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ’ই অনুষ্ঠানটোৱে ৰাষ্ট্ৰ নিৰ্মাণত নীৰৱে কাম কৰি যোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷













