
সোনম ৱাংচুকৰ অনুৰোধত অৱশেষত ককৰোচ জনতা পাৰ্টীৰ (চিজেপি) প্রধান অভিজিত দীপকেয়ে অনশন ভংগ কৰে। ইয়াৰ উপৰি, দিল্লীৰ যন্ত্ৰ-মন্তৰত অনশনত থকা আন তিনিজন ছাত্রয়ো সোমবাৰে নিজৰ অনশন ভংগ কৰিছে।

বিৰোধী সাংসদসকলৰ অনুৰোধ আৰু আশ্বাসত তেওঁলোকে অনশন ভংগ কৰাৰ সিদ্ধান্ত লয় যদিও প্ৰতিবাদ-আন্দোলন অব্যাহত থাকিব। আনহাতে, সোনমে এতিয়াও নিজৰ অনশন অব্যাহত ৰাখিছে।
সোমবাৰে চিজেপিৰ আহ্বানত সংসদ ভৱন অভিযানত যোগ দিবলৈ দিল্লীত প্ৰায় ১০ হাজাৰ লোক উপস্থিত হয়। আৰক্ষী প্ৰথম পৰাই সজাগ আছিল। সংসদৰ দিশে সমদল কৰি আগবঢ়াৰ লগে লগে আৰক্ষীয়ে দমনকাৰ্য আৰম্ভ কৰে। সমাবেশত লাঠিচালনাও কৰে আৰক্ষীয়ে। এনে পৰিস্থিতিত ককৰোচ প্ৰধানগৰাকীয়ে নিজেই অনশন ভাঙাৰ কথা ঘোষণা কৰে।
যোৱা শনিবাৰে যন্তৰ-মন্তৰৰ পৰা অনশনত বহি থকা সোনমক আৰক্ষীয়ে বলপূৰ্বক উঠাই নি দিল্লীৰ ছফদৰজং হাস্পতালত ভর্তি কৰায়। আনহাতে, সোনমৰ পত্নী গীতাঞ্জলি জে আংমোৰে দাবী কৰিছে যে নিমখ পানীৰ বাহিৰে তেওঁ আন একো মুখত লোৱা নাই।
উল্লেখযোগ্য যে সোনমৰ সৈতে ২৮ জুনৰ পৰা যন্তৰ-মন্তৰত অনশন আৰম্ভ কৰিছিল অল ইণ্ডিয়া ষ্টুডেণ্ট্ছ এছ’চিয়েছনৰ (আইচা) তিনি গৰাকী সদস্য ক্ৰমে নেহা বৰা, মণীশ কুমাৰ আৰু আমিন অমিতোজে। দেওবাৰে তেওঁলোকৰ সৈতে দেখা কৰিবলৈ অহিছিল অভিনেত্ৰী শ্বাবানা আজমি।
ইয়াৰ উপৰি আৰজেডিৰ ৰাজ্যসভাৰ সংসদ সদস্য মনোজ ঝা, লিবাৰেশ্যনৰ সংসদ সদস্য ৰাজাৰাম সিং, ৰাজস্থানৰ সংসদ সদস্য আমৰা ৰামে অনশন কৰি থকা ছাত্র-ছাত্ৰীসকলক দেখা কৰিছিল। লগতে তেওঁলোকে অনশন ভংগ কৰিবলৈ অনুৰোধ কৰিছিল। তেওঁলোকৰ দাবীসমূহ সংসদত আলোচনাৰ বাবে উত্থাপন কৰাৰ আশ্বাস দিয়ে। তাৰ পাছত সোমবাৰে অভিজিতসহ তিনিজন ছাত্ৰনেতাই অনশন বন্ধ কৰাৰ সিদ্ধান্ত লয়।
আনহাতে, আইচাৰ দাবী, অনশনকালত ১২ কিগ্ৰাম ওজন হেৰুৱাইছে তিনিজন ছাত্ৰনেতাই। ইয়াৰ উপৰি তেওঁলোকৰ ৰক্তত চেনিৰ পৰিমাণ ভয়ংকৰভাবে কমি গৈছে। উল্লেখযোগ্য যে সোমবাৰৰ পৰা লোকসভাৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হৈছে। সমগ্ৰ মাহটো ধৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে প্ৰতিবাদ চলি থাকিব বুলি আইচাই কয়।












