
ককৰোচ জনতা পাৰ্টিৰ ‘সংসদ চলো’ অভিযানৰ দিন সোমবাৰে অনশন ভংগ কৰিব পাৰে সোণম ৱাংচুকে (Sonam Wangchuk)। দিল্লীৰ ছফদাৰজং হাস্পতালৰ পৰা লিখা এখন পত্ৰত এই কথা কৈছে তেওঁ। অৱশ্যে তাৰ বাবে সোণমে কেন্দ্ৰীয় চৰকাৰক তিনিটা চৰ্ত দিছে।

ইয়াৰে যিকোনো এটা গ্ৰহণ কৰিব লাগিব। চিকিৎসালয়ৰ পৰা বন্ধু-বান্ধৱী আৰু সমৰ্থকলৈ সোণেমে লিখিছে, “আপোনালোকৰ বহুতেই সুধিছে মই কেতিয়া ব্ৰত ভংগ কৰিম। মই আগতেও কৈছিলোঁ যে ২০ জুলাইত ব্ৰত ভংগ কৰিব পাৰিম যদি—
১) শিক্ষা ব্যৱস্থাৰ শেহতীয়া বিফলতা (প্ৰশ্ন ফাদিল ইত্যাদি)ৰ দায়িত্ব চৰকাৰে লয়।
২) যদি মই আৰু চিজেপিৰ নেতৃত্বত সংসদ ভৱনলৈ যাব পাৰো আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা-সাংসদে আমাক আশ্বাস দিয়ে যে বিষয়টো সংসদত আলোচনা হ’ব।
৩) যদি মই শাৰীৰিক আৰু অন্যান্য পৰিস্থিতিৰ বাবে সংসদলৈ যাব নোৱাৰো, তেন্তে বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু সাংসদসকলে এই চিকিৎসালয়খনলৈ আহি মোক লগ কৰি ওপৰৰ আশ্বাস দিয়ে।
এই পত্ৰখনৰ এখন ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি সোণমে লিখিছে, “মোৰ শাৰীৰিক অৱস্থা যিয়েই নহওক কিয়, ‘সংসদ চলো’ অভিযানৰ পিছতো মোৰ অনশন অব্যাহত থাকিব। তলত দিয়া পৰিস্থিতিতহে ইয়াক ভংগ কৰাটো সম্ভৱ।”
চিঠিখনৰ শেষত সোণমে নিজৰ নামটো চহী কৰি দিয়ে। অভিযোগ অনুসৰি, তেওঁক অবৈধভাৱে ছফদাৰজং হাস্পতালত আবদ্ধ কৰি ৰখা হৈছে। তেওঁৰ গতি আৰু বাক স্বাধীনতাও তাত নিয়ন্ত্ৰিত হৈ আছে। ইয়াৰ পূৰ্বে সোণমৰ পত্নী গীতাঞ্জলি জে আংমোৱেও একে অভিযোগ উত্থাপন কৰিছিল।











