
অদম্য মনোবল আৰু কঠোৰ পৰিশ্ৰমকৰিলে দৰিদ্ৰতা যে ক’তো বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে সেয়া পুনৰ পুনৰ প্ৰমাণিত হৈছে কাৰ্বি পাহাৰত। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিৰ ৩নং বাকৰি ফাংহাজা গাঁৱৰ এজন সাধাৰণ কৃষক পৰিয়ালৰ দুই সন্তান নেনা চৰংচা আৰু চৰিপ চৰংচায়ে শেহতীয়াভাৱে অনুষ্ঠিত নীট পৰীক্ষাত উত্তীৰ্ণ হৈ এক নিদৰ্শন দাঙি ধৰিছে।

জয় চৰংচা আৰু ধনিতা চৰংচাৰ দুই সন্তানে সদ্যঘোষিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা NEET UGত সফলতাৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে দুখীয়া কৃষক পৰিয়ালটোৰ কন্যা নেনা চৰংচায়ে ৮৯.৯৬ শতাংশ আৰু পুত্ৰ চৰিপ চৰংচায়ে ৮২.৮২ শতাংশ নম্বৰ লাভ কৰি চিকিৎসক হোৱাৰ সপোন পূৰণৰ দিশে এখোজ আগবাঢ়িছে।
কৃষিৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালটোৰ সীমিত আৰ্থিক সুবিধা আৰু দৈনন্দিন জীৱনৰ অভাৱ-অনাটনৰ মাজতো এই দুগৰাকী সু-সন্তানে নিজৰ অধ্যৱসায়, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অসাধাৰণ সফলতা অৰ্জন কৰিছে। তেওঁলোকৰ এই কৃতিত্বই পৰিয়ালটোৰ লগতে সমগ্ৰ পশ্চিম কাৰ্বি আংলং আৰু পাৰ্বত্য অঞ্চলৰ শিক্ষাৰ্থীসকলক নিশ্চিতভাৱে অনুপ্ৰেৰণা যোগাব।
কিন্তু এই সফলতাৰ আনন্দৰ মাজতো পিতৃ জয় চৰংচা আন এক গভীৰ চিন্তাৰ সাগৰত বুৰ গৈছে। কিয়নো প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’লেও চিকিৎসা শিক্ষাৰ দৰে অতি ব্যয়বহুল পাঠ্যক্ৰমৰ খৰচ ভৱিষ্যতে কেনেদৰে বহন কৰিব তাকে লৈ পৰিয়ালটোৰ উদ্বেগ সৃষ্টি হৈছে।
সেয়ে চৰকাৰ তথা সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তি-সংগঠনৰ পৰা সহযোগিতা লাভ কৰিব বুলি পৰিয়ালটোৱে আশা প্ৰকাশ কৰিছে।











