
ৰাজ্যৰ উজনি আৰু নামনিত বৰ্তমান বানে ধ্বংসাত্মক ৰূপ লোৱাৰ বিপৰীতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিশাল কৃষিভূমি খৰাঙৰ কবলত পৰিছে। বিশেষকৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু হাওৰাহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বকলীয়াঘাটৰ হালধিআটি, চূণপোৰা, ফুলনি, চেণ্টাৰ বজাৰ আদি বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ বিঘা কৃষিভূমি খৰাঙৰ কৱলত পৰিছে। পানীৰ অভাৱত এতিয়া কৃষকসকলে ধানৰ কঠীয়া ৰোপণ কৰিব পৰা নাই।

কিছু লোকে পুখুৰীৰ পৰা পানী উঠাই কঠীয়া ৰোপণ কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়। আনহাতে, যিহেতু এই জলাশয়বোৰৰ পানীও শুকাই গৈছে সেয়ে ধানখেতিও শুকাই গৈছে। কাৰ্বি আংলং জিলাত নামত হ’লেও জলসিঞ্চন বিভাগ নামৰ এটা বিভাগ আছে। কিন্তু জলসিঞ্চন বিভাগৰ নলা ব্যৱস্থাই অধিকাংশ কৃষিভূমিলৈ পানী যোগান ধৰিবলৈ যথেষ্ট নহয়। ইফালে যি আছে সেয়াও অৰ্ধ কাৰ্যক্ষম। হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৰ্কাক চিকাৰি ইংতি গাঁৱৰ কৃষক জয়ছিং ফাংছ’ৰ সৈতে সাংবাদিকৰ সাক্ষাৎকাৰত জানিব পাৰিছে যে অঞ্চলটোৰ প্ৰায় দুহেজাৰ হেক্টৰ কৃষিভূমি বৰষুণৰ অভাৱত খৰাঙত ক্ষতিগ্ৰস্ত হৈছে আৰু কৃষিভূমিত ফাট মেলিবলৈ আৰম্ভ কৰিছে।
ফাংছ’ই কয়, “আমাৰ ইয়াত জলসিঞ্চন বিভাগৰ কোনো অস্তিত্ব নাই, পানী উত্তোলনৰ ব্যৱস্থা নাই। আমি বছৰজুৰি খেতিৰ বাবে বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। এইবাৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি ধানৰ কঠীয়া ৰোপণ কৰিব পৰা নাই। এতিয়া আমি কি খাম আৰু আমাৰ সন্তানক কেনেকৈ পঢ়ুৱাম? আমি কৃষিৰ ওপৰত নিৰ্ভৰশীল। গতিকে বৰষুণ নহ’লে আমাৰ জীয়াই থকাটো কঠিন হৈ পৰিব। যোৱা বছৰ কিছু বৰষুণ হৈছিল, কিন্তু এইবাৰ সেইখিনিও নাই। এতিয়া বৰষুণ হ’লে আমি ধান ৰুব পাৰিম, নহ’লে ভগৱানেই আমাৰ একমাত্ৰ আশা।” চৰকাৰৰ পৰা কোনো ধৰণৰ সা-সুবিধা নোপোৱাত খেতিয়কসকলে ক্ষোভ প্ৰকাশ কৰে। বৃহত্তৰ কুলিগাঁও আৰু বোকাজান বিধানসভা সমষ্টিৰ অন্যান্য অঞ্চলৰ কৃষকৰ ক্ষেত্ৰতো একেই অৱস্থা।
ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি, হাৱাইপুৰ, জিৰিবাছা, মাইলু, ডিক্লেমকে ধৰি বহু অঞ্চলৰ শ শ বিঘা কৃষিভূমিৰ ক্ষেত্ৰতো একেই অৱস্থা। বৰ্তমান কৃষকসকলৰ শেষ ভৰসা হিচাপে বৰুণদেৱতাৰ ওপৰত নিৰ্ভৰ কৰিছে। কাৰণ এই দুৰ্ভগীয়া কঠোৰ পৰিশ্ৰমী কৃষকসকলৰ প্ৰতি চৰকাৰ, স্থানীয় জনপ্ৰতিনিধি বা জলসিঞ্চন বিভাগৰ কোনো কাণসাৰ নাই। যিসকল লোকে কষ্ট কৰি শস্য চপালেহে আমাৰ মুখলৈ ভাত আহে, এতিয়া এই কৃষকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ চৰকাৰ তথা জলসিঞ্চন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।













