
ভাৰতৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰ কুডানকুলামৰ সৈতে জড়িত প্ৰায় ১৯ হাজাৰ অতি স্পৰ্শকাতৰ ফাইল ফাদিল কৰিছে ৱৰ্ল্ড লিকছে। ডাৰ্ক ৱেবত চাইবাৰ আক্ৰমণৰ জৰিয়তে এই তথ্য ফাদিল হোৱা বুলি সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰিছে। তথ্য ফাদিল কৰা ৱৰ্ল্ড লিকছে প্ৰকাশ কৰা অনুসৰি, পাৰমাণৱিক শক্তি কেন্দ্ৰটোৰ ঠিকাদাৰ অনিল আম্বানীৰ ৰিলায়েন্স এডিএজিৰ এটা ছাৰ্ভাৰ ৰেনছমৱেৰৰ (কম্পিউটাৰ বা ডিভাইচৰ নিয়ন্ত্ৰণ লোৱা ক্ষতিকাৰক ছফ্টৱেৰ বা মালৱেৰ) জৰিয়তে হেক কৰি এই তথ্য লাভ কৰা হৈছে।

ৰেনছমৱেৰ গ্ৰুপে ফাদিল কৰা নথি-পত্ৰসমূহৰ ভিতৰত আছে পাৰমাণৱিক শক্তি কেন্দ্ৰটোৰ বিভিন্ন অংশৰ প্লাণ্টৰ ব্লুপ্ৰিণ্ট, কম্পোনেণ্ট ডিজাইন, যোগানকাৰীৰ সবিশেষ আৰু বিভিন্ন নিৰাপত্তা সম্পৰ্কীয় তথ্য। অনিল আম্বানীৰ কোম্পানীটোৱে ৰয়টাৰক জনোৱা মতে, ভাৰতীয় ডাটা চেণ্টাৰৰ হৈ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী ‘য়োত্তা’ই চলোৱা এটা ছাৰ্ভাৰত তেওঁলোকৰ তথ্যৰ ‘আংশিক লঙ্ঘন’ হৈছে আৰু এই বিষয়ে চৰকাৰক অৱগত কৰা হৈছে। অৱশ্যে ৰিলায়েন্স এডিএগে কি তথ্য ফাদিল হৈছে সেই কথা সদৰী কৰা নাই।
আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক চকীদাৰ সংস্থা ‘নিউক্লিয়াৰ থ্ৰেট ইনিচিয়েটিভ’ৰ মুৰব্বী নিকোলাছ ৰথে কয় যে এই কাণ্ডই কুডানকুলাম বিদ্যুৎ কেন্দ্ৰৰ নিৰাপত্তাক লৈ গুৰুতৰ বিপদৰ সৃষ্টি কৰিব পাৰে। এই সংস্থাটোৱে ভাৰতকে ধৰি বিভিন্ন দেশৰ চৰকাৰক পাৰমাণৱিক সুৰক্ষাৰ বিষয়ে পৰামৰ্শ দিয়ে আৰু আনুষংগিক ব্যৱস্থাসমূহৰ মূল্যায়ন কৰে।
নিকোলাছৰ মতে এই ঘটনাই প্ৰমাণ কৰে যে ভাৰতত চাইবাৰ আক্ৰমণ বৃদ্ধি পাইছে, য’ত বহু সংগঠন এনে সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সঠিকভাৱে প্ৰস্তুত নহয়। ‘ৱৰ্ল্ড লিকছ’ৰ ৱেবছাইটত ৰিলায়েন্সৰ সৈতে জড়িত ৮ লাখ ৮৫ হাজাৰ ফাইল আছে। ইয়াৰে ১৯ হাজাৰ ‘সংবেদনশীল’। উল্লেখ্য যে ২০১৮ চনত অনিল আম্বানীৰ কোম্পানী ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰক কুডানকুলাম পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ৩ আৰু ৪ নং ইউনিটৰ আন্তঃগাঁথনিৰ ডিজাইন আৰু নিৰ্মাণৰ ঠিকা দিয়া হৈছিল। তেওঁ কয় যে ডাটা চেণ্টাৰ সেৱা প্ৰদান কৰা তৃতীয় পক্ষৰ কোম্পানী ‘য়োত্তা’ৰ ছাৰ্ভাৰৰ পৰা ডাটা চুৰি সংঘটিত হৈছে।












