
সোণম ৱাংচুকৰ (Sonam Wangshuk) শৰীৰ ভাঙি পৰিছে যদিও অনশন ভংগ কৰিবলৈ তেওঁ অনিচ্ছুক। বুধবাৰে তেওঁৰ অনশনে (Hunger strike) ১৮ম দিনত প্ৰৱেশ (Entry on the 18th day) কৰে। তেনে পৰিস্থিতিত এগৰাকী অধিবক্তাই দিল্লী উচ্চ ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰি তেওঁৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে। তেওঁৰ মতে, সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগে। তৎকালীনভাৱে চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ বাবেও অনুৰোধ কৰা হৈছে। সেই অনুৰোধৰ ভিত্তিত অধিবক্তাই গোচৰ ৰুজু কৰাৰ অনুমতি বিচাৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে এই গোচৰ ৰুজু কৰিবলৈ অনুমতি দিছে।
দিল্লীৰ যন্তৰ-মন্তৰত সোণম ৱাংচুকৰ অনশন সন্দৰ্ভত আদালতৰ কাষ চাপিছে অধিবক্তা ৰাকেশ কুমাৰ ছাইনী। তেওঁৰ অনুৰোধ যে আদালতে জৰুৰীভাৱে কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰক নিৰ্দেশ দিব লাগে যাতে সোণমক অনতিপলমে চিকিৎসালয়লৈ লৈ গৈ জোৰকৈ খাদ্য খুৱায়। অধিবক্তাগৰাকীৰ মতে, “সোণমক চৰকাৰী চিকিৎসালয়লৈ লৈ যাব লাগে। তেওঁক তৰল খাদ্যৰ জৰিয়তে মানুহৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় পুষ্টি আৰু ভিটামিন বলপূৰ্বকভাৱে খুৱাব লাগে।” কেৱল সেয়াই নহয়, অধিবক্তাগৰাকীয়ে আবেদনখনত উল্লেখ কৰিছে যে তেওঁৰ স্বাস্থ্যৰ উন্নতিৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দেৱেন্দ্ৰ উপাধ্যায় আৰু ন্যায়াধীশ তেজস কাৰিয়াৰ বিচাৰপীঠে গোচৰ ৰুজু কৰিবলৈ অনুমতি দিছে। বুধবাৰে শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যোৱা ২০ জুনৰ পৰা ‘ককৰোচ’ জনতা পাৰ্টীয়ে যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই আন্দোলনত সোণমে আৰম্ভণিৰে পৰাই তেওঁলোকক সমৰ্থন কৰি আহিছে। পিছত ২৭ জুনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে কোনো সঁহাৰি নিদিলে অনশন কৰিব বুলি ঘোষণা কৰে। লাডাখৰ এইগৰাকী সমাজকৰ্মীয়ে কেন্দ্ৰৰ পৰা আশানুৰূপ সঁহাৰি নোপোৱাত ২৮ জুনৰ পৰা অনশন আৰম্ভ কৰিছে। বিগত ১৭ দিনে যন্তৰ-মন্তৰত অনশনত আছে সোণম। বহুতে তেওঁৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে। সোণমৰ আন্দোলনত তেওঁৰ কাষত থিয় দিছে বিৰোধী নেতা-সাংসদে।
সোমবাৰে সোণমৰ আন্দোলনৰ সমৰ্থনত যন্তৰ-মন্তৰত সাহিত্যিক অৰুন্ধতী ৰায়, অভিনেতা নাছিৰুদ্দিন শ্বাহ, ৰত্ন পাঠক শ্বাহ আৰু অৰ্থনীতিবিদ জয়তী ঘোষ উপস্থিত থাকে। লগতে সোণম আৰু অন্যান্য অনশনকাৰীসকলক অনশন বন্ধ কৰিবলৈ অনুৰোধ জনায়। অৱশ্যে অনশন বন্ধ কৰা সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত ঘোষণা কৰা নাই সোণমে। অনশনৰ বাবে তেওঁৰ ওজন ৮.৫ কেজি কমি যোৱা বুলি দাবী কৰিছে ‘ককৰোচ’ জনতা পাৰ্টীয়ে। একে সময়তে কেন্দ্ৰৰ মৌনতাক লৈও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে।












