
চলিত ফিফা বিশ্বকাপৰ উত্তেজনা চূড়ান্ত স্তৰত উপনীত হৈছে। ইতিমধ্যে প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে স্পেইন। আন এখন ছেমি ফাইনেলত ইংলেণ্ডৰ মুখামুখি হ’ব আৰ্জেণ্টিনা।

বিশ্বকাপ ফুটবলৰ এই চূড়ান্ত পৰ্য্যায়ৰ মেচসমূহ উপভোগৰ সুবিধাৰ বাবে ফুটবল অনুৰাগীৰ বাবে বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই ঘোষণা অনুসৰি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰৰ ৰেস্তোৰাঁসমূহ পুৱতি নিশা ৩ বজা পৰ্যন্ত খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে। সামাজিক মাধ্যমযোগে তেওঁ এই কথা প্ৰকাশ কৰিছে।
সামাজিক মাধ্যমৰ পোষ্টটোত মুখ্যমন্ত্ৰীয়ে লিখিছে, “ফুটবলপ্ৰেমী সকলৰ বাবে এটি সুখবৰ। যিকোনো খেল উপভোগৰ আনন্দ একেলগে বহি চোৱাতেই আছে। আমি বিচাৰোঁ—আমাৰ ক্ৰীড়ানুৰাগী ফুটবলপ্ৰেমী ৰাইজে যাতে চলিত ফিফা বিশ্বকাপৰ ছেমিফাইনেল আৰু ফাইনেলৰ খেলসমূহ কোনো অসুবিধা নোহোৱাকৈ উপভোগ কৰিব পাৰে।”
তেওঁ লিখিছে, “সেই উদ্দেশ্য আগত ৰাখিয়েই গুৱাহাটীত ১৫, ১৬, ১৯ আৰু ২০ জুলাইৰ নিশা ৰেষ্টুৰেণ্টসমূহ খুলি ৰখাৰ সময় পুৱা ৩.৩০ বজালৈ বঢ়াই দিয়াৰ বাবে জিলা প্ৰশাসনক অনুমতি প্ৰদান কৰা হৈছে। তদুপৰি কোনো জিলাত যদি ৰেষ্টুৰেণ্ট মালিক সন্থাৰ অনুৰোধ আৰু স্থানীয় জনসাধাৰণে বিচাৰে, সেইসমূহ জিলাৰ জিলা প্ৰশাসনকো একেধৰণৰ অনুমতি দিব পৰাকৈ অধিকাৰ প্রদান কৰা হৈছে।”
ফুটবলৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰি লিখিছে, “ক্রীড়াসুলভ মানসিকতাই সমাজক এক কৰি ৰাখে আৰু ফুটবলৰ দৰে জনসমাদৃত ক্রীড়া এই দিশত অগ্ৰণী। আমাৰ আহ্বান— সকলোৱে দায়িত্বশীলভাৱে সুন্দৰ খেলসমূহ উপভোগ কৰক আৰু ফুটবলৰ ৰোমাঞ্চকৰ অভিজ্ঞতা লওক।”











