
২০ শতাংশ ইথানল মিশ্ৰিত (E20 petrol) পেট্ৰ’লে (ই-২০) কিছু বাহনৰ মাইলেজ হ্ৰাস কৰা বিষয়টো এতিয়া দেশৰ ভিতৰতে চৰ্চিত বিষয়ৰ ভিতৰত অন্যতম। এই বিতৰ্কত মুখ খুলিছে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। তেওঁ কয় যে সাধাৰণ গাড়ীৰ মালিক বা চালকে কেতিয়াও মাইলেজ সঠিকভাৱে জুখিব নোৱাৰে।

তেওঁলোকে অনুমোদিত ডীলাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। তেওঁ কয়, “আপুনি বা মই গাড়ীৰ মাইলেজ জুখিব নোৱাৰো।”
এক সাক্ষাৎকাৰত নিতীন গাডকাৰীক ইথানল মিশ্ৰিত পেট্ৰ’ল ব্যৱহাৰৰ বাবে গাড়ীৰ মাইলেজ হ্ৰাস পোৱাৰ বিষয়ে সোধা হৈছিল।
উদাহৰণ হিচাপে সাক্ষাৎগ্ৰহণকাৰীয়ে কয় যে তেওঁ ২০২৩ চনত এখন গাড়ী কিনিছিল। সেই গাড়ীখনত তেওঁ ইথানল মিশ্ৰিত পেট্ৰ’ল ব্যৱহাৰ কৰে। হয়তো তাৰ বাবেই তেওঁৰ গাড়ীৰ মাইলেজ ১১ কিলোমিটাৰৰ পৰা ৭ কিলোমিটাৰলৈ হ্ৰাস পাইছে। উক্ত প্ৰশ্নৰ উত্তৰত গাডকাৰীয়ে প্ৰশ্ন উত্থাপন কৰে যে এই পৰিসংখ্যা কেনেকৈ জুখিছিল?
উত্তৰত তেওঁ কয় যে তেওঁ সেই তথ্য গাড়ীখনৰ ডেচব’ৰ্ড ডিছপ্লেৰ পৰা সংগ্ৰহ কৰিছিল। ইয়াৰ উত্তৰত গাডকাৰীয়ে কয় যে গাড়ীৰ মালিক বা চালকে এই কথা জুখিব নোৱাৰে। কেৱল নিৰ্মাতাইহে ইন্ধনৰ কাৰ্যক্ষমতা জুখিব পাৰে। পেট্ৰ’লৰ সৈতে ইথানল মিহলোৱাৰ বিষয়ে সমগ্ৰ দেশতে আলোচনা আৰম্ভ হৈছে।
বহুতে সমালোচনা কৰিছে। গাড়ীৰ ইঞ্জিনত ই-২০ ইন্ধনৰ প্ৰভাৱ আৰু ইয়াৰ ফলত গাড়ীৰ মাইলেজত কিবা পাৰ্থক্য আছে নেকি সেই বিষয়েও বহুতে উদ্বেগ প্ৰকাশ কৰিছে। তেনে পৰিস্থিতিত কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে যোৱা সপ্তাহত এক বিবৃতি জাৰি কৰি বিষয়টো স্পষ্ট কৰি দিয়ে।
২০ শতাংশ ইথানলৰ (ই-২০) সৈতে মিহলি কৰা পেট্ৰ’লে কিছুমান বাহনত ৩-৫ শতাংশ মাইলেজ হ্ৰাস কৰিব পাৰে। কিন্তু মন্ত্ৰালয়ৰ মতে, এই ইন্ধন ব্যৱহাৰৰ ইতিবাচক প্ৰভাৱ নেতিবাচক প্ৰভাৱতকৈ বেছি। ইয়াৰ দ্বাৰা বাহনখনৰ পিক-আপ উন্নত হ’ব। একে সময়তে ইঞ্জিনে ভাল কাম কৰিব আৰু গাড়ীৰ গতিও বহুত বেছি মসৃণভাৱে বৃদ্ধি পাব।











