![]()
নিউজ ডেস্কঃ
২০১৯ চনৰ ডিচেম্বৰত কৰোনাৰ প্রথম আৱির্ভাৱ চীনৰ ইউহান প্রদেশত। তাৰ পিছত এখন এখনকৈ বিভিন্ন দেশত বিয়পি পৰে। বৰ্তমান বিশ্বৰ সকলোতে তাৰ প্ৰভাৱ। দুই বছৰৰো কম সময়ত কোভিডত আক্রান্ত হৈছে বিশ্বৰ প্রায় কোটি কোটি মানুহ। আৰু মৃত্যু হৈছে লাখ লাখ। পৰিসংখ্যা মতে, কোভিডত সমগ্ৰ বিশ্বত মৃত্যু হৈছে ৫০ লাখ লোক।
জন হপকিন্স বিশ্ববিদ্যালয়ৰ মতে, ছান ফ্রান্সিছকো আৰু লছ এঞ্জেলেছত মুঠ যিমান জনসংখ্যা, তাতকৈ বেছি মানুহৰ মৃত্যু হৈছে কোভিডত। উল্লেখ্য, কেৱল আমেৰিকাতেই কোভিডত প্রাণ হেৰুৱাইছে ৭ লাখ ৪০ হাজাৰ লোকে। বিশ্বত কৰোনাত মৃত্যু হোৱা লোকৰ আধায়েই আমেৰিকা, ইউৰোপীয় ইউনিয়ন, ব্রিটেইন আৰু ব্রাজিলৰ বাসিন্দা। অথচ বিশ্বৰ মুঠ জনসংখ্যাৰ আঠভাগৰ এভাগ মাত্র এই দেশবোৰত বাস কৰে। ইয়াৰ পৰাই স্পষ্ট যে এই উন্নত দেশবোৰত কোভিডত মৃত্যুৰ হাৰ কিমান বেছি।










