![]()
নিউজ ডেস্কঃ
২০১৩ চনৰ পাটনাৰ গান্ধী ময়দানত সংঘটিত বোমা বিস্ফোৰণত ৬ জন লোকৰ মৃত্যু হৈছিল। আহত হৈছিল প্রায় ৮০ জন। এই বিস্ফোৰণৰ ১০ জন অভিযুক্তৰ ভিতৰত ৯জন দোষী সাব্যস্ত হয়। ২৭ অক্টোবৰৰ উক্ত ৰায় দিয়ে এনআইএ আদালতে। সোমবাৰে দোষীসকলৰ শাস্তি ঘোষণা কৰা হল। চাৰিজনক উক্ত ঘটনাত মৃত্যুদণ্ড দিয়া হয়। দুজন দোষীক দিয়া হয় যাৱজ্জীৱন কাৰাদণ্ড। দুজনক দিয়া হয় ১০ বছৰ কাৰাদণ্ডৰ শাস্তি। আন এজন দোষীক ৭ বছৰৰ কাৰাদণ্ড বিহা হয়।
উল্লেখ্য, ২০১৩ চনত পাটনাৰ গান্ধী ময়দানত লোকসভা নিৰ্বাচনৰ প্রচাৰলৈ গৈছিল নৰেন্দ্র মোদী। তেতিয়া তেওঁ গুজৰাটৰ মুখ্যমন্ত্রী আছিল। আনহাতে, বিজেপিৰ প্রধানমন্ত্রী পদৰ প্রার্থী। গান্ধী ময়দানত মোদীৰ ‘হুঙ্কাৰ’ সমাবেশৰ ওচৰতে এটা এটাকৈ ছয়টা বিস্ফোৰণ ঘটিছিল। মোদীয়ে যিখন মঞ্চৰ পৰা প্রচাৰ সভা সম্বোধন কৰাৰ কথা আছিল, তাৰ পৰা ১৫০ মিটাৰ দূৰত্বত দুটা বিস্ফোৰণ হয়। উক্ত দিনা অন্তিমটো বিস্ফোৰণ হৈছিল ১২টা ২৫ মিনিটত, মোদী মঞ্চত উঠাৰ ঠিক ২০ মিনিট আগতে।










