![]()
নিউজ ডেস্কঃ
১০০ টকা ঘোচ বিচাৰিছিল স্বাস্থ্যকর্মীয়ে। সেয়া দিবলৈ অস্বীকাৰ কৰে ৰোগীৰ পৰিয়ালে। ফলত নিদিলে অক্সিজেন। পৰিণামত আইচিইউতেই মৃত্যু হ’ল এগৰাকী চাৰি বছৰীয়া শিশুৰ।
ঘটনাটো হায়দৰাবাদৰ৷ জানিব পৰা মতে, মৃত শিশুটিৰ নাম মহম্মদ খাজা। নিউমোনিয়াত আক্রান্ত আছিল শিশুটি। হাওঁফাওঁত সংক্রমণ হৈছিল। প্রথমতে শিশুটিক হায়দৰাবাদৰ এখন ব্যক্তিগত হস্পিটেলত ভর্তি কৰোৱা হয়। তাত পৰিস্থিতিৰ অৱনতি ঘটাত হায়দৰাবাদৰ নিলোফাৰ হস্পিটেললৈ স্থানান্তৰিত কৰা হয়। ভর্তি হোৱাৰ পিছতেই আইচিইউত ৰখা হয় চাৰি বছৰীয়া শিশুটিক। শিশুটিৰ পিতৃ মহম্মদ আজমৰ অভিযোগ, খাজাৰ অক্সিজেনৰ প্রয়োজন আছিল। অক্সিজেন দিয়াৰ বাবে ১০০ টকা ঘোচ বিচাৰিছিল সুভাষ নামৰ এজন স্বাস্থ্যকর্মীয়ে। ঘোচ দিবলৈ অস্বীকাৰ কৰে তেওঁলোকে।
ইয়াকে লৈ বাক-বিতণ্ডা হোৱাত অক্সিজেন নিদিয়াকৈয়েই আইচিইউত এৰি গুচি যায় সুভাষ। অক্সিজেনৰ অভাৱত হস্পিটেলৰ বিছনাতে মৃত্যু হয় শিশুটিৰ। ইয়াৰ পিছত হস্পিটেল চৌহদত বিক্ষোভ প্ৰদৰ্শন কৰে আজম আৰু তেওঁৰ আত্মীয়-স্বজনে। খবৰ পাই পৰিস্থিতি চম্ভালিবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। হস্পিটেলখনৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলিছে আজম আৰু তেওঁৰ পৰিয়ালে। হস্পিটেল কর্তৃপক্ষই অৱশ্যে অভিযোগ পোৱাৰ পিছতেই স্বাস্থ্যকর্মীজনক নিলম্বন কৰে। কর্তৃপক্ষৰ দাবী, হস্পিটেল কৰ্তৃপক্ষই কৰ্মচাৰীজনক নিয়োগ কৰা নাছিল। এজেন্সিৰ মাধ্যমেৰে কাম কৰিবলৈ আহিছিল। উক্ত ঘটনাৰ উপযুক্ত তদন্তৰ আশ্বাস দিছে হস্পিটেল কর্তৃপক্ষই।










