![]()
নিউজ ডেস্কঃ
সম্প্ৰতি এক কাহিনীয়ে সকলোকে অবাক কৰি তুলিছে। তিবলিছ-জর্জিয়াৰ বাসিন্দা ক্রিষ্টিনা আজটেক এই মুহূর্তত খবৰৰ শিৰোনামত। কাৰণ, মাত্র ২৪ বছৰ বয়সতেই ২১ সন্তানৰ মাতৃ হৈছে তেওঁ!
কিন্তু ইমানকেইটা সন্তান তেওঁ প্রসৱ কৰিলে কেনেদৰে? আচলতে সেয়া সম্ভৱনে? সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ক্রিষ্টিনাই জনাইছে যে ছাৰোগেছিৰ মাধ্যমেৰে অৰ্থাৎ নিজৰ গৰ্ভ ভাৰাত দি তেওঁ ২১ সন্তানৰ মাতৃ হৈছে। বিয়াৰ পিছত দুই সন্তানৰ জন্ম তেওঁ নিজে দিছে। অর্থাৎ মুঠ ২৩ সন্তানৰ মাতৃ তেওঁ। কোটিপতি স্বামী, ২৩ সন্তান আৰু তেওঁৰ সংসাৰত ২৪ ঘণ্টা ডিউটিত থাকে ১৬ জনী আয়া। তেওঁলোকক চোৱা-চিতাৰ দায়িত্ব লৈছে এই দম্পতিটোৱে।
সংবাদ মাধ্যমৰ সূত্র মতে, ছাৰোগেছিৰ বাবে মুঠ ১,৪২,০০০ পাউণ্ড খৰচ কৰিছে এই দম্পতিটোৱে। ইয়াৰ উপৰি আয়াসকলৰ বাবে ৭২ লাখ টকাৰো বেছি খৰচ হয় তেওঁলোকৰ। ক্রিষ্টিনাই জনোৱা মতে, ইমান কম বয়সতেই মাতৃত্বৰ সোৱাদ তেওঁ যথেষ্ট উপভোগ কৰিছে। দৈনন্দিন জীৱনৰ একঘেয়ামী কাটি গৈছে তেওঁৰ সন্তানসকলৰ উপস্থিতিত। ছচিয়েল মিডিয়াত সন্তানকেইটাৰ ছবিও পোষ্ট কৰিছে তেওঁ। এতিয়া সন্তানকেইটাৰ পঢ়া-শুনা আৰু স্কুলত নামভর্তিক লৈও পৰিকল্পনা আৰম্ভ কৰিছে তেওঁলোকে।










