![]()
নিউজ ডেস্কঃ
পশ্চিমবংগৰ উপ-নির্বাচনত চাৰিখন আসনতেই জয়লাভ তৃণমূলৰ। গোসাবা, খড়দহ, দিনহাটা আৰু শান্তিপুৰত জয়লাভ কৰে শাসকীয় দলটোৰ প্ৰাৰ্থী চাৰিজনে। ইয়াৰে শেষৰ দুটা সমষ্টি বিজেপিৰ দখলত আছিল যদিও এইবাৰ পৰাস্ত হয়। গোসাবাত ১ লক্ষ ৪৩ হাজাৰ ১৫১টা ভোটত জয়লাভ কৰে তৃণমূলৰ প্রার্থী সুব্রত মণ্ডলে। দিনহাটাত ১ লক্ষ ৬৪ হাজাৰ ৮৮টা ভোটত জয়ী হয় উদয়ন গুহ। খড়দহত তৃণমূলৰ বর্ষীয়ান নেতা শোভনদেৱ চেটাৰ্জী জয়ী হয় ৯৩ হাজাৰ ৮৩২টা ভোটত। শান্তিপুৰত ৬৩ হাজাৰ ৮৯২টা ভোটত বিজয় সাব্যস্ত কৰে তৃণমূলৰ ব্রজকিশোৰ গোস্বামীয়ে।
জয়ৰ পিছতেই প্রার্থীসকলক শুভেচ্ছা জনাই মমতা বেনাৰ্জীয়ে টুইটাৰত লিখে, ‘এই জয় মানুহৰ জয়, বংগই সদায় অপপ্রচাৰ আৰু ঘৃণাৰ ৰাজনীতিৰ পৰিবর্তে উন্নয়ন আৰু ঐক্যক লয়, এয়া তাৰেই প্রমাণ। জনগণৰ আশীর্বাদত আমি বংগক আৰু উচ্চতালৈ লৈ যোৱাৰ প্রতিশ্রুতি দিছো।’
উল্লেখ্য, ২০২১ৰ নিৰ্বাচনত দিনহাটা আৰু শান্তিপুৰত জয়ী হৈছিল বিজেপি প্রার্থী দুজন।
কিন্তু উপ-নির্বাচনত তাৰে ভিতৰত এখন আসনো ধৰি ৰাখিব নোৱাৰিলে। বিপুল ভোটত জয়ী হয় তৃণমূলৰ প্রার্থী দুজন। আনহাতে, তিনিখন আসনত বিজেপিৰ প্ৰাৰ্থীয়ে আমানতৰ ধনো হেৰুৱাবলগা হয়৷










