![]()
নিউজ ডেস্কঃ
স্কটলেণ্ডৰ গ্লাছগোত চলি আছিল জলবায়ু পৰিবর্তনৰ ওপৰত গুৰুতৰ আলোচনা। মন দি শুনি আছিল ৰাষ্ট্রনেতা তথা পৰিবেশবিদসকলে। তেনে এক গুৰুত্বপূৰ্ণ আলোচনাৰ মাজতে টোপনি গ’ল মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ। সেই ভিডিও এতিয়া ভাইৰেল।
সোমবাৰে দক্ষিণ আফ্রিকাৰ পৰিবেশ আন্দোলনকাৰী এডি ডপুৰৰ ৰেকর্ডিং বক্তৃতা শুনোৱা হৈছিল। সেই সময়তে বাইডেনে স্থিৰ দৃষ্টিৰে সন্মুখৰ ফালে চাই বক্তৃতা শুনি আছিল। হঠাৎ কিছু সময়ৰ বাবে চকু বন্ধ কৰে বাইডেনে। পুনৰ চকু খোলে। তাৰ পিছত আকৌ চকু মুদে।
বহু সময় তেনেদৰেই টোপনিয়াই আছিল বাইডেন। প্রায় ৩০ চেকেণ্ড চকু মুদি থকাৰ পিছত এজন কর্মচাৰী আহি মাতে বাইডেনক। দুয়োজনে কিবা কথা পাতে। কর্মচাৰীজন গুচি যোৱাৰ পিছত দেখা যায় বাইডেনে চকু মোহাৰি মোহাৰি স্বাভাৱিক হ’বলৈ চেষ্টা কৰিছে। সেই সময়তেই শেষ হয় বক্তৃতা। বাকীসকলৰ দৰেই হাতচাপৰি বজাবলৈ আৰম্ভ কৰে বাইডেনে। নিমেষতে ভাইৰেল হৈ পৰে ভিডিওটি।










