![]()
নিউজ ডেস্কঃ
কামৰ সুবিধাৰ বাবে যিসকলে ঘৰত বা অফিচত ৱাটছএপ ৱেব ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে আহিছে এক ডাঙৰ সুবিধা। এতিয়াৰে পৰা একেলগে চাৰিটা ডেস্কটপ বা লেপটপত ৱেবৰ জৰিয়তে ৱাটছএপ ব্যৱহাৰ কৰিব পৰা যাব। আনহাতে, তাৰ বাবে যিটো ফোনৰ ৱাটছএপৰ পৰা ৱেব ব্যৱহাৰ কৰা হৈছে সেইটো সক্রিয় নাথাকিলেও হ’ব। যদি মূল ফোনটোত ইণ্টাৰনেট নাথাকেও তেতিয়াও একেৰাহে ১৪ দিন কার্যকৰী হৈ থাকিব ৱেব। তেতিয়া কম্পিউটাৰৰ ইণ্টাৰনেটতেই চলিব। ১৪ দিন পিছত নিজে নিজেই লগ আউট হৈ যাব।
ৱাটছএপৰ তৰফৰ পৰা জনোৱা মতে, এই পদ্ধতি ব্যৱহাৰ কৰিলেও ব্যৱহাৰকাৰীসকলৰ কোনো ভয় নাই। কাৰণ এই ক্ষেত্রতো প্রতিটো মেছেজ, কল আৰু অন্যান্য সকলো গোপনীয়তা ৰক্ষা হৈ থাকিব।
এই সুযোগ কেনেদৰে ল’ব পাৰিব—
প্রথমে ফোনৰ ৱাটছএপ খুলি সোঁফালে ওপৰত যি তিনিটা বিন্দু আছে তালৈ যাওক।
ইয়াৰ পিছত ড্রপ ডাউন মেনুৰ পৰা ‘লিঙ্কড ডিভাইচ’ মেনু নিৰ্বাচন কৰি ‘মাল্টি ডিভাইচ বিটা’ অপচনটো বাছি লওক। ইয়াৰ ফলত এটা নতুন পেজ খুলিব য’ত এই ব্যৱস্থাত কি কি সুবিধা পোৱা যাব তাৰ বিৱৰণ থাকিব।
তৃতীয় পৰ্যায়ত ‘জইন বিটা’ অপচনত ক্লিক কৰি ‘কন্টিনিউ’ বটন ক্লিক কৰিব লাগিব। ইয়াৰ পিছত কম্পিউটাৰত ৱাটছএপ ৱেব খুলি কিউআৰ স্কেন কৰিলেই কাম সমাপ্ত।
কোম্পানীটোৱে প্ৰকাশ কৰা মতে, এবাৰ ৱেব লিঙ্ক কৰাৰ পিছত মূল ডিভাইচটো দূৰৈত ৰাখিলে বা বন্ধ কৰি ৰাখিলেও কাম কৰিব। আনকি ইণ্টাৰনেট সেৱা নাথাকিলেও কাম কৰিব। কিন্তু এই সুবিধা এতিয়াই পুৰণি ভাৰ্ছনৰ ফোন, টেবত পোৱা নাযাব। আইফোনত ৱাটছএপ খোলা থাকিলেও এই ক্ষেত্রত কিছু কিছু সুবিধা সম্প্ৰতি লাভ নকৰিব।










