![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ অভিযোগনাম দাখিল আদালতত। সুৰাপান কৰি গাড়ী চলাই ৯জন শ্ৰমিকক মহতিয়াই দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল মডেলগৰাকী।
উল্লেখ্য যে দিছপুৰ আৰক্ষীয়ে ডেৰ পৃষ্ঠাজোৰা অভিযোগনাম দাখিল কৰে আদালতত। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা মডেলগৰাকীৰ বাহনৰ খুন্দাত আহত এগৰাকী শ্ৰমিকৰ এখন ভৰি ঠাইতে ছিঙি যোৱাৰ বিপৰীতে এখন ভৰি চিকিৎসালয়ত কাটিব লগা হৈছিল।
আনহাতে, ক’ৰনা বাবে ঘোষিত সান্ধ্য আইন ভংগ কৰি হোটেল তাজ ভিভাণ্টাৰ এটা পাৰ্টী অংশ লৈ আহিছিল। ইফালে আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত তাজ হোটেল, সান্ধ্য আইন ভংগৰে পাৰ্টী আয়োজন কৰা প্ৰভাৱশালি ব্যৱসায়ী পংকজ সাধনীদাৰৰ নাম নাই।













