![]()
নলবাৰীৰ প্ৰতিবেদক
বেলশৰ আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত নলবাৰী জিলা সাহিত্য সভাই ৫ নৱেম্বৰত বেলশৰত দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক স্মৃতি দিৱস পালন কৰে। বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত সম্পন্ন এই সুধাকণ্ঠ দিৱস উপলক্ষে পুৱাৰ ভাগত বেলশৰ আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি লক্ষী পাটোৱাৰীয়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পিছতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত বৰ্মনে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বেলশৰ কেন্দ্ৰীয় হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক উদয় বৰ্মনে স্মৃতি তৰ্পন আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নিৰোজ উদ্দিন আহমেদে ছহিদ তৰ্পন কৰে। ইয়াৰ পাছত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সঞ্চালনাত সম্পন্ন হয় ‘গীতে-মাতে সুধাকণ্ঠ বন্দনা আৰু অভিনন্দন, সম্বৰ্ধনা অনুষ্ঠান’।
এই অন্তৰংগ অনুষ্ঠান উদ্বোধন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই। অনুষ্ঠানত নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা, অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা, অভিনয় শিল্পী, সমাজসেৱক হিৰণ্য বৰ্মনে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সাৱলীল বক্তব্য আগবঢ়াই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক স্মৰণ কৰে। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু আঁতধৰা বাৰেবৰণীয়া গীত–মাত আৰু কথাৰে সুধাকণ্ঠ বন্দনা শীৰ্ষক অনুষ্ঠানত কবিতা ডেকা তালুকদাৰ, নিবেদিতা ডিম্পলে কবিতা পাঠেৰে আৰু পাৰুল দেৱী গোস্বামী, প্ৰণীতা হালৈ, শেৱালি কাকতী, দীপালী দাস, চুনুমা বৈশ্য, নিৰুপমা হালৈ, ৰুণুমী দেৱী গোস্বামী, দিলীপ ডেকা, মণিকা দেৱী, কৃতাশ্ৰী ডেকা, গীতিমা বৰ্মন, মধুস্মিতা ডেকা, ৰাণা বৰ্মন প্ৰমুখ্যে কেবাগৰাকী নৱীন–প্ৰবীণ কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বেলশৰ আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি লক্ষী পাটোৱাৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল শৰ্মা, সহকাৰী সম্পাদক নৰেশ্বৰ কলিতা, শ্বাহ আলম আহমেদ, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী কল্পনা দেৱী, দিহানামৰ শিল্পী ৰীণা পাটোৱাৰী, সংবাদসেৱী দ্বিপেন মেনা, ৰাজেন বৈশ্য, চাইদুল ইছলাম প্ৰমুখ্যে কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে, এই দিৱস উপলক্ষে অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত বেলশৰৰ জিতোপন শইকীয়া আৰু ককয়াৰ ছায়া ডেকাই যুটীয়াভাৱে প্ৰথম, বেলশৰৰ সুদৰ্শন সেন ডেকা আৰু মাধুৰ্য পাটোৱাৰীয়ে দ্বিতীয় আৰু মিহিৰকান্তি অলেম্যান আৰু তবিবুল হকে তৃতীয় পুৰস্কাৰ লাভ কৰে।

এই অনুষ্ঠানতে ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বন্দিতা দেৱী, দুবৰি বৰ্মন, সংগীতা বৰ্মন, অংকিতা বৰ্মন, ৰিদীপ শইকীয়া, ধৃতিমা বৰ্মন, দিগ্বলয় প্ৰিয়ম, দৰ্শন ৰাজ প্ৰিয়ম, নিশিতা মেনা, বিশাল মহন্ত, য়াচমিন আখটাৰ, নয়নজ্যোতি বৰ্মন, নিপল বৰ্মন, ভাৰ্গৱ শইকীয়া, কৃতাশ্ৰী ডেকা, চয়নিকা পাটোৱাৰী, ৰাখী বৰ্মন,অবিনাশ মেধি, হীৰকজ্যোতি বৰ্মন, শিখৰ সুমন দত্ত, কুনাল বৰ্মন, হিৰক বৰ্মন, প্ৰীতম বৰ্মন, ঋতুৰাজ ঠাকুৰীয়া, চাইদুল ইছলাম, কৰিস্মিতা বৰ্মন, টিনা বৰ্মন, নৱনিতা বৰ্মন, দিগন্ত বৰ্মন, ৰেশ্মিনা বেগম, লিজা বৰ্মন, দীক্ষিতা দাস, পিংকি তালুকদাৰ, জেৰিফা আহমেদ, ঝৰ্ণা তালুকদাৰ, সুচিত্ৰা তালুকদাৰ, নিশা বৰ্মন, পূজা বৰ্মন, মৃদুস্মিতা শৰ্মা, গীতাশ্ৰী বৰ্মন, স্মিতাক্ষী সেন ডেকা, অৰ্পনা মেধি, তৃষ্ণা বৰ্মন, জুমি বৰ্মন, জুবলি অলেম্যান আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৰৱী শইকীয়াক ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদানেৰে সাদৰ অভিনন্দন জ্ঞাপন কৰা হয় । চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠান বেলশৰ আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক সুনীল পাটোৱাৰীয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে অসম সংগীতেৰ সামৰা হয়।













