![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইত ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ দশম মৃত্যু বাৰ্ষিক স্মৃতি দিৱস আযোজন কৰা হয়। হোজাই জিলা সাহিত্য সভা, জিলা শাখা সাহিত্য সভাৰ সহযোগত আৰু হোজাইৰ অংকুৰ সংঘৰ সৌজন্যত উক্ত স্মৃতি দিৱসটিৰ আযোজন কৰা হয়। আজি পুৱা ভাগ পৰা বিভিন্ন কাৰ্য্যসূচীৰ মাজৰে অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই। লগতে উপস্হিত থাকে নগাঁওৰ বিধায়ক ৰূপক শৰ্মা, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু কণ্ঠশিল্পী কৃষ্ণ মনি নাথ। অংকুৰ সংঘৰ নৱ-নিৰ্মিত প্ৰাচীন সাহিত্য সংৰক্ষণ আৰু চৰ্চা কেন্দ্ৰৰ লগতে সুধাকণ্ঠৰ সাংস্কৃতিক মঞ্চ শুভ উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই।












