![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নগাঁও : জ্যেষ্ঠ আয়ুৰ্বেদিক চিকিৎসক ফ’ৰাম আৰু আয়ুৰ্বেদিক চিকিৎসা সংগঠনৰ দুটা সজাতি দলে কালি পৃথকে পৃথকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক সাক্ষাৎ কৰি আয়ুৰ্বেদিক পদ্ধতিৰ উন্নয়ন আৰু অগ্ৰগতি সন্দৰ্ভত যাৱতীয় ব্যৱস্হা সম্পৰ্কে বিশদভাৱে আলোচনা কৰে।
আনহাতে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে প্ৰতিনিধি দল দুটাক আয়ুৰ্বেদিক চিকিৎসকে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ আশ্বাস প্রদান কৰে। আয়ুৰ্বেদিক চিকিৎসা সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে প্ৰদৰ্শন কৰা যোগাত্মক দৃষ্টিভংগীৰ বাবে দুয়োগৰাকী মন্ত্ৰীক আয়ুৰ্বেদিক চিকিৎসকসকলৰ তৰফৰ পৰা ডাঃ হেমন্ত গোস্বামী আৰু ডাঃ অৰবিন্দ দাসে কৃতজ্ঞতা জ্ঞাপন কৰে বুলি এক বিবৃতি যোগে জানিবলৈ দিয়ে ।













