![]()
নগাঁৱৰ পৰা জীতেন বৰকটকী
হয়বৰগাঁও আৰক্ষীয়ে নগাঁৱৰ হয়বৰগাঁও হাইস্কুলৰ সমীপৰ এক ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰিছে ১৩৪টা চুৰি মোবাইল আৰু দুই চোৰক। ৰাজকুমাৰ ন’নিয়া আৰু ছনু কুমাৰ ন’নিয়াই দীৰ্ঘদিনৰ পৰা সাধাৰণৰ ৰাইজৰ পৰা মোবাইল থাপ মাৰি চুৰি কৰিছিল। এক গোপন সূত্ৰৰ পম খেদি, হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলা এই অভিযানকাৰী দলটোৰ সফলতাৰ প্ৰশংসা কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। আনহাতে, যিসকলৰ মোবাইল হেৰাইছে তেওঁলোকক হয়বৰগাঁও আৰক্ষী চকীৰ সৈতে যোগাযোগ কৰিবলৈও আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে।
ইফালে হয়বৰগাঁও আৰক্ষীয়ে দুই চোৰক কৰায়ত্ব কৰিবলৈ যাওতে এটা চোৰে দুইলাখ টকাৰ উৎকোচ দিয়াৰ চেষ্টা চলাইছিল বুলি প্ৰকাশ কৰিলে তৰংগ পাটোৱাৰীয়ে। এই সন্দৰ্ভত জোৰদাৰ হৈছে আৰক্ষীৰ তদন্ত ৷ আৰক্ষীৰ পৰৱৰ্তী তদন্তত পোহৰলৈ আহিব এই দুই কুখ্যাত চোৰৰ লগত আৰু কোন কোন জড়িত আছে ৷












