![]()
বিশেষ প্ৰতিনিধিঃ
নগাঁও : বনৰীয়া হাতীৰ উপদ্ৰৱৰ সমান্তৰালকে নগাঁৱত এতিয়া চলাইছে বান্দৰৰ সন্ত্ৰাস। বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ নগাঁও জিলাৰ বিভিন্ন স্থানত মানুহে দুৱাৰ খিৰিকী দিন দুপৰতে বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। নগাঁও চহৰৰ গাতে লাগি থকা মাজৰাতি, ডিমাৰুগুৰিৰ লগতে পুৰণিগুদাম, কলিয়াবৰ, চামগুৰি, দেওধৰ, ৰাইদঙীয়া, চাপানালাকে ধৰি বিভিন্ন স্থানত বন্দৰে তাণ্ডৱ চলাই আহিছে।

বান্দৰৰ উপদ্ৰৱৰ বাবেই মানুহে ঘৰত খাদ্য বস্তু ৰাখিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। এই অঞ্চলৰ বাৰীৰ কল, অমিতা, নাৰিকল আদি বিভিন্ন ফল-মূল বান্দৰে খাই তহিলং কৰি আহিছে। আনকি চৰুত ৰান্ধি থোৱা ভাত পৰ্যন্ত লৈ যায় বান্দৰে। আজি নগাঁও চহৰৰ সমীপৰ ডিমৰুগুৰিত একাংশ লোকে ৰাজপথলৈ ওলাই আহি বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ বন বিভাগ আৰু নগাঁও জিলা প্ৰশাসনক দাবী জনায়। ডিমৰুগুৰিৰ একাংশ লোকে অভিযোগ কৰাৰ মতে বান্দৰে মহিলা আৰু শিশুক আক্ৰমণৰ লক্ষ্য হিচাপে লয়।













