![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম আৰক্ষীক বিশেষ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ। গাড়ী দুৰ্ঘটনাৰ বা মৃত্যুৰ ৰিপ’ৰ্ট এতিয়াৰে পৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই নিৰ্দিষ্ট ব্যক্তিৰ ঘৰত গৈ দিব লাগিব। অধিবক্তাই ল’ব নোৱাৰিব ৰিপ’ৰ্ট। এমএচিটিৰ কেচৰ নামত দৰিদ্ৰ মানুহক বিপথে পৰিচালিত কৰা এখন ডাঙৰ বজাৰ আছে- শৰ্মাই কয়।
মৃত ব্যক্তিৰ জীৱন বীমা টকাৰ বাবে আৰক্ষী পৰা মৃত্য প্ৰমাণ-পত্ৰৰ বাবে ৩০-৪০ শতাংশ কমিচন লাগে। ইয়াৰ উপৰিও মৰুণোত্তৰ পৰীক্ষাৰ প্ৰমাণ-পত্ৰ সাধাৰণ মানুহে উলিয়াব নোৱাৰা ব্যৱস্থা এটা কৰি থোৱা হৈছে। কিন্তু পহিলা জানুৱাৰী পৰা দুৰ্ঘটনাৰ প্ৰমাণ-পত্ৰ বিচাৰি থানাত নাযাবলৈ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই। মৃত মানুহজনৰ প্ৰতি শ্ৰদ্ধা জনায় অসম আৰক্ষী যাব লাগিব তেওঁ ঘৰত। এই সাহস আমাৰ গাত থাকিব লাগিব- লগতে তেওঁ কয়।
ইফালে কোনো আৰক্ষীয়ে যদি দুৰ্ঘটনা আৰু মৃত্যুৰ প্ৰমাণ-পত্ৰ দিবলৈ ঘৰত নাযায় বা থানালৈ মৃত ব্যক্তিৰ পৰিয়াল আহিব লাগে তেন্তে তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হুংকাৰ মুখ্যমন্ত্ৰী।













