![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
চি.বি.আইৰ হাতত দেওবাৰে গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ হিতেশ্বৰ শইকীয়া পুত্ৰ অধিবক্তা অশোক শইকীয়াৰ জামিন মঞ্জুৰ। গুৱাহাটী বিশেষ ন্যায়াধীশ আদালতে আজি মঞ্জুৰ কৰে শইকীয়া জামিন।
উল্লেখ্য অসম ৰাজ্যিক কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক লোণ পৰিশোধ নকৰা অভিযোগত চিবিআই হাতত গ্ৰেপ্তাৰ হৈছিল। ১৯৯৬চনত ১ লাখ ৭০ হাজাৰ টকাৰ ঋণ শইকীয়াই লৈছিল। ২০১৫ চনত উক্ত ঋণৰ ৯ লাখ ৩৭হাজাৰ ৭০১টকা বেংকক পৰিশোধ কৰিছিল। বেংকে তেওঁক ঋণমুক্ত বুলিও প্ৰমাণ-পত্ৰ দিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে বেংক কৰ্তৃপক্ষই এই তথ্য চি.বি.আই আদালতক অৱগত নকৰাৰ বাবে ২০০১ চনৰ গোচৰটোত শইকীয়া পুনৰ গ্ৰেপ্তাৰ হৈছিল।
সোমবাৰে বিশেষ আদালতে তেওঁ জামিন ১জন জামিনদাৰ আৰু ২০ হাজাৰ টকা বণ্ডত মঞ্জুৰ কৰে।
আনহাতে, মঙলবাৰে আদালতত পুনৰ গোচৰটো শইকীয়া হাজিৰ হ’ব লাগিব।













