![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটীৰ বেলতলা ছাৰ্ভেৰ বৰুৱা দম্পত্তি হত্যাকাণ্ড কোনে সংঘটিত কৰিছিল বৰ্তমানো স্পষ্ট হোৱা নাই । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি কেয়াটেকাৰ আকাশ চৌধুৰী হত্যাত জড়িত নহয় বুলি সোমবাৰে নিজে সংবাদ মাধ্যমৰ সন্মুখত আকাশে স্বীকাৰ কৰিছে। আদালতত হাজিৰ কৰোৱা সময়ত কিয় হত্যা কৰিলে বুলি সাংবাদিকে প্ৰশ্ন কৰাত হত্যাত অভিযুক্ত আকাশে কয়- ‘মই হত্যা কৰা নাই।সন্তানৰ শপত খাই কৈছোঁ মই মৰা নাই।আৰক্ষীয়ে ইমান মাৰিছিল, মাৰ সহ্য কৰিব নোৱাৰি হত্যা কৰা বুলি মিছাকৈ কৈছিলোঁ।মই দিন হাজিৰা কৰি চলা মানুহ’- আকাশে কয়।
উল্লেখ্য যে, হত্যাকাণ্ড সংঘটিত হোৱা পাছদিনাই কেয়াৰটেকাৰ আকাশক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ জিম্মাত তিনিদিনে স্বীকাৰ কৰা নাছিল হত্যাৰ কথা। পৰৱৰ্তী পৰ্যায়ত ফৰেন্সিক তথ্যৰ ভিত্তিত আৰক্ষী জেৰাত আকাশে ননীগোপাল বৰুৱা আৰু মিনা বৰুৱাক হত্যাৰ কথা স্বীকাৰ কৰা বুলি মহানগৰ আৰক্ষী যুটীয়া আয়ুক্তই সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছিল। কিন্তু আৰক্ষীয়ে হত্যাকাণ্ড মূল কাৰণ উক্ত সময়ত ৰাজহুৱা কৰা নাছিল। তথ্যৰ ভিত্তিত হত্যাকাণ্ডৰ প্ৰমাণ পোৱা বুলি অৱগত কৰিছিল।













