![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
এচকাৰ্ড বেংকৰ ঋণ কেলেংকাৰী গোচৰত বুধবাৰে পুনৰ কামৰূপ(ম) জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া পুত্ৰ অধিবক্তা অশোক শইকীয়া।২০০১ চনত চি.বি.আইত ৰুজু হৈ থকা গোচৰৰ শুনানি সম্পন্ন হয়। পৰৱৰ্তী শুনানিৰ দিন ন্যায়ালয়ে ধাৰ্য কৰিছে ২২ডিচেম্বৰ।
উল্লেখ্য যে এছকাৰ্ড বেংকৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগত ২০০১চনত চি.বি.আইত ৰুজু হৈ থকা গোচৰত দেওবাৰে গ্ৰেপ্তাৰ হৈছিল অধিবক্তা শইকীয়া।এটা নিশা চি.বি.আই জিন্মাত থকাৰ পিছত সোমবাৰে জামিন লাভ পাইছিল প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকী পুত্ৰই।শইকীয়াই বেংক কৰ্তৃপক্ষক ঋণ পৰিশোধ কৰিছিল।২০১৫ চনত বেংক কৰ্তৃপক্ষই শইকীয়াৰ লেন-দেন শেষ হোৱা বুলি পত্ৰৰ জৰিয়তে অৱগত কৰিছিল।কিন্তু শইকীয়া লেন-দেনৰ তথ্য বেংক কর্তৃপক্ষই আদালতক অৱগত নকৰা বাবে পুনৰ চিবিআই হাতত গ্ৰেপ্তাৰ হৈছিল।
আনহাতে, ন্যায়ালয়ত বুধবাৰে শুনানি সম্পন্ন অন্তত শইকীয়া পক্ষ অধিবক্তা কয়- এছকাৰ্ড বেংক কৰ্তৃপক্ষই শইকীয়াৰ ঋণ পৰিশোধৰ তথ্য ন্যায়ালয়ত দাখিল কৰিলে পৰৱৰ্তী শুনানিত নিষ্পত্তি হব গোচৰটো।













