![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনাত পিতৃ-মাতৃক হেৰুওৱা ছাত্ৰ-ছাত্ৰীৰ বিশেষ নামভৰ্তিৰ ব্যৱস্থা কটন বিশ্ববিদ্যালয়ত।উচ্চ শিক্ষা প্ৰতিষ্ঠান খনে ২০২১-২২ বৰ্ষত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত ক’ৰনাত পিতৃ-মাতৃ হেৰুওৱা শিক্ষাথী বাবে বিশেষ নামভৰ্তি ব্যৱস্থা কৰিছে।আজি জাননী জৰিয়তে প্রকাশ কৰিছে এই কথা।এই সুবিধাৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে ১৫ নৱেম্বৰ ভিতৰত এখন আবেদন পত্ৰ আৰু যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ ছাত্ৰ কল্যাণ বিভাগত প্ৰেৰণ কৰিব লাগিব।আবেদন পত্ৰৰ সৈতে পিতৃ বা মাতৃৰ মৃত্যুৰ কাৰণ কভিড-১৯ বুলি উল্লেখ কৰা চিকিৎসা প্ৰমাণপত্ৰ থাকিব লাগিব আৰু প্ৰয়োজনীয় নথি পত্ৰসমূহ স্কেন কৰি বিশ্ববিদ্যালয়ৰ বিশেষ ই-মেইল আইদিত প্ৰেৰণ কৰিব লাগিব।স্নাতক আৰু স্নাতকোত্তৰ বাবে পৃথক পৃথক ই-মেইন ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি স্নাতক ec.ug@cottonuniversity.ac.in।
আনহাতে স্নাতকোত্তৰ বাবে- ec.pg@cottonuniversity.ac.in আবেদন কৰিব পাৰিব।













