![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসমৰ ৯গৰাকী ব্যক্তিক এইবাৰ দেশৰ সন্মানীয় পদ্ম বঁটাৰে সন্মানিত কৰা হয়। মঙলবাৰে ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে। দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা তিনিটা বিভাগত প্ৰদান কৰা হয়। পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাবে পদ্মভূষণ বঁটা আগবঢ়োৱা হয়। সামাজিক ক্ষেত্ৰৰ বাবে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তৰুণ গগৈক এই সন্মানীয় বঁটাৰে সন্মানিত কৰা হয়।
পদ্মশ্ৰী বঁটাৰে সন্মানিত ৰাজ্যৰ আন কেইজন ব্যক্তি হৈছে :
১) লক্ষী বৰুৱা, সমাজ সেৱা
২) গোপীৰাম বৰগয়া বুঢ়াভকত, শিল্পকলা
৩) বিজয়া চক্ৰৱৰ্তী, জন পৰিক্ৰমা
৪) মংগল সিং হাজোৱাৰী, সাহিত্য আৰু শিক্ষা
৫) দুলাল মানকি, শিল্পকলা
৬) বিৰুৱালা ৰাভা, সমাজ সেৱা
৭) ৰোমান শৰ্মা, সাহিত্য আৰু শিক্ষা-সাংবাদিকতা
৮) ইমৰান শ্বাহ, সাহিত্য আৰু শিক্ষা













