![]()
বিশেষ প্ৰতিবেদনঃ
নগাঁও : নগাঁৱৰ ৰাজ্যিক নাৰী আৰু শিশু গৃহত কোভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা উপায়ুক্তই এক নিৰ্দেশ যোগে ৰাজ্যিক নাৰী আৰু শিশু গৃহক কণ্টেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে । উল্লেখ যে যোৱা ১ নবেম্বৰৰ পৰা ১০ নবেম্বৰৰ ভিতৰত ৰাজ্যিক নাৰী গৃহৰ ১৬ গৰাকীকৈ আবাসী কৰোনাত আক্ৰান্ত হয় । ইয়াক কেন্দ্ৰ কৰি ৰাজ্যিক নাৰী গৃহত এক হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। কৰোনাত আক্ৰান্ত হোৱা সকলৰ ভিতৰত এটি এবছৰীয়া শিশু, চাৰিগৰাকী অনাথ ছাত্ৰী, এগৰাকী মহিলা আৰু এজন কৰ্মচাৰীও আছে ।
১ নবেম্বৰৰ পৰা ১০ নবেম্বৰলৈ কোভিড পৰীক্ষা টেষ্ট কৰাৰ সময়ত ১৬ গৰাকী আবাসী কোভিডত আক্ৰান্ত হোৱাটো নিশ্চিত হয় । এই আটাইকেগৰাকীকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিডত চিকিসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰবৰ্তী পৰীক্ষাত কভিড নিগেটিভ হোৱাত চাৰিগৰাকীক নাৰী গৃহলৈ ওভতাই অনা হয় । সম্প্ৰতি তেওঁ লোকক আচুতীয়াকৈ ৰখা হৈছে ।
আন ১২ গৰাকী বৰ্তমানেও কোভিড হস্পিতালত চিকিৎসাধীন হৈ আছে । নাৰী গৃহত কোভিডৰ সংক্ৰামন যাতে যাতে আৰু অধিক নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা উপায়ুক্তই নাৰী আৰু শিশু গৃহ চৌহদক কণ্টেনমেণ্ট জ’ন ঘোষণা কৰিছে । কণ্টেনমেণ্ট জ’নত থকা আবাসী সকলে যাতে খাদ্য সমগ্ৰীকে ধৰি সকলো সুবিধা লাভ কৰিব পাৰে তাৰ ব্যবস্থা ল’বলৈ জিলা উপায়ুক্তই সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে ।













