![]()
জীতেন বৰকটকী:
নগাঁও : নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী হেৰাপট্টিত কালি নিশা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ তথ্যৰ ভিত্তিত নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই পাঁচ জনীয়া এটা দুধৰ্ষ ডকাইতৰ দলক অস্ত্ৰসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত কেইটা হৈছে হেৰাপট্টিৰ আইনুদ্দিন(৫৫), মুজিবুৰ ৰহমান (২৯),জুৰিয়াৰ পশ্চিম চতিয়ানৰ চমিৰুদ্দিন(৪৮), কাতিমাৰী গ্ৰান্টৰ আব্দুল জলিল(২৯) আৰু ভকতগাঁৱৰ আব্দুল কাদিৰ(৫৫)। আৰক্ষীয়ে ধৃত ডকাইত কেইটাৰ পৰা এটা হস্ত নিৰ্মিত পিষ্টল আৰু ৬ জাই সজীৱ গুলী জব্দ কৰে ।
আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে ধৃত ডকাইত কেইটাই ডকাইতিৰ পৰিকল্পনাৰে হেৰাপট্টিৰ আইনুদ্দিনৰ ঘৰত বাহৰ পাতি থকাৰ তথ্য স্হানীয় চি আৰ পি এফ বাহিনীয়ে লাভ কৰি হয়বৰগাঁও আৰক্ষীক জনায়।
পাচত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে অভিযান চলাই দুধৰ্ষ ডকাইত পাঁচটাক গ্ৰেপ্তাৰ কৰে ।
ধৃত ডকাইতৰ দলটোৰ মাজৰে চমিৰুদ্দিন নামৰ ডকাইতটো এজন চুপাৰি কিলাৰ হোৱাৰ লগতে অস্ত্ৰ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগত জড়িত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত ডকাইত কেইটাক জেৰা অব্যাহত ৰাখিছে ।












