![]()
মনোজ কুমাৰ পাঠক:
লংকা : লামডিং সংৰক্ষিত বনাঞ্চলত হোজাই জিলাৰ প্ৰশাসনৰ আহ্বানত সঁহাৰি জনাই বেদখলকাৰীসকলে ত্যাগ কৰিলে লামডিং সংৰক্ষিত বনাঞ্চল৷ বেদখলকাৰীসকলক বহু আশ্বাস দি শান্তিপূৰ্ণভাৱে প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান৷
উচ্ছেদ অভিযানৰ পূৰ্বে জিলা প্ৰশাসনৰ লংকাইছু ছাকমা সম্পদায়বাসীক দিয়া কথা নাৰাখিলে৷ জিলা প্ৰশাসনে কথা দিছিল, যে বেদখলকাৰীসকলক লামডিং সংৰক্ষিত বনাঞ্চলত কৰা বিভিন্ন খেতিবাৰী চপোৱাৰ সুবিধা দিব৷
কিন্তু উচ্ছেদৰ ৬ দিনৰ পাছতো সোমাব নিদিলে বনাঞ্চলত৷ এইসকল বেদখলকাৰীৰ হুংকাৰ পোন্ধৰ দিন চাম, আমাক যদি প্ৰশাসনে গ্ৰহণযোগ্য পুনৰ সংস্থাপন আৰু আশ্ৰয় শিবিৰত থকাৰ সময়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ’লে আমি প্ৰশাসনে দিয়া বেৰিকেড ভাঙি পুনৰ আমি পুৰ্বৰ ঠিকনা বনাঞ্চলত প্ৰৱেশ কৰিম, লাগিলে মৰিয়েই যাম৷
উল্লেখ যে প্ৰশাসনক উচ্ছেদৰ সময়ত সম্পূৰ্ণ সহসযোগ কৰা এই লোকসকলক অস্থায়ী শিবিৰত থকা সময়ছোৱাত কিছু সহযোগিতা জনাব লাগিছিল যদিও, কাৰ্যত হৈ নুঠিল।












