![]()
মনোজ কুমাৰ পাঠক:
লংকা : উচ্ছেদিত লোকসকলৰ ভিতৰৰ কোনো যুৱতী আজি গৈছিল উচ্ছেদ কৰা লামডিং বনাঞ্চলৰ ভিতৰৰ পুৰণি ঘৰখনলৈ। লামডিং বনাঞ্চলত অনুমতি বিহীনভাৱে প্ৰৱেশ কৰা যুৱতীক অশ্লীল ইংগিত আৰু গাত ধৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত পৰিস্হিতি উতপ্ত হোৱাত স্থানীয় ৰাইজে খৱৰ দিয়ে নখুটী আৰক্ষীক।
পিছত, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্হিতি নিয়ন্ত্রণ কৰাৰ লগতে অশ্লীল ইংগিত দিয়া লোকজনক লৈ আহে আৰক্ষীৰ জিন্মালৈ। ৰাইজে অভিযোগ দিছে যে উক্ত ব্যক্তিজন বনবিভাগৰ লোক কিন্তু, বৰ্তমানলৈকে জানিব পৰা নাই দৰাচলতে লম্পট লোকজন কোন হয়। তথাপিও আৰক্ষীয়ে উক্ত স্থানৰ পৰা লৈ আহিছে লম্পট লোকজনক।












