মনোৰঞ্জনঃ
বলীউড অভিনেতা ৰাজকুমাৰ ৰাওৰ বিবাহ সম্পন্ন। চণ্ডীগড়ত অনুষ্টুপীয়াকৈ নিজ ১১ বছৰীয়া প্ৰেমক সফলকাম কৰি বিবাহত বহে অভিনেতাগৰাকী। প্ৰেমিকা পত্ৰলেখাৰ সৈতে অভিনেতাগৰাকীয়ে নিজ বিবাহ উৎসৱৰ কেইবাখনো ফটো ইনষ্টাগ্ৰামযোগে আপলোড কৰি অনুৰাগীক জানিবলৈ দিয়ে। বলীউডৰ অভিনেতাসমূহৰ ভিতৰত বৰ্তমান এগৰাকী খুবেই জনপ্ৰিয় আৰু সফল অভিনেতা হৈছে ৰাজকুমাৰ ৰাও। তেওঁৰ ছবিসমূহক লৈ অপেক্ষাৰত হৈ থাকে ৰাইজ।
২০১০ চনত ‘ৰণ’ ছবিখনৰ পৰা নিজ অভিনয় কেৰিয়াৰৰ আৰম্ভণি কৰা ৰাজকুমাৰ ৰাও প্ৰথমাৱস্থাত টিভিৰৱনিউজ ৰিডাৰৰ সহায়ক ৰূপে কাম কৰিছিল। তাৰ পৰৱৰ্তী সময়ত তেওঁ কেইবাখনো জনপ্ৰিয় আৰু বহুলভাৱে সমাদৃত ছবিত অভিনয় কৰে। বলীউডত অহা সময়ছোৱাটো অভিনেতা গৰাকীয়ে সংঘৰ্ষ কৰিছিল। তেওঁ এক সাক্ষাৎকাৰত নিজেই জনাইছিল যে, “কেতিয়াবা মোৰ ওচৰত খাবলৈও টকা নাছিল। মই মোৰ বন্ধুবৰ্গক ফোন কৰি সুধিছিলোঁ যে মই তেওঁলোকৰ ঘৰলৈ খাবলৈ আহিব পাৰিম নেকি।”