![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
উচ্চ ন্যায়লয়ৰ নিৰ্দেশ মৰ্মে লামডিং বনাঞ্চলত প্ৰথম পৰ্যায়ত ৮ আৰু ৯ নবেম্বৰ আৰু দ্বিতীয় পৰ্যায়ত ১১ আৰু ১২ নবেম্বৰ তাৰিখে হোজাই প্ৰশাসনৰ হৈছিল উচ্ছেদ অভিযান। লামডিং বনাঞ্চলৰ কমৰপানী, বেটনলা, হাজিবস্তি, পাগলাবস্তী, থাদংনলা মিলাই সৰ্বমুঠ ৭৩৬ ঘৰ প্ৰশাসনে চলাইছিল উচ্ছেদ। ইতিমধ্যে উচ্ছেদিত লোকসকলে সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল বনাঞ্চলৰ ভুমি বেদখলৰ আঁৰৰ কাহিনী৷ পোহৰলৈ আহিছিল নজৰুল হুছেইনৰ নাম৷ মুখ্যমন্ত্ৰীৰ মুখতো উচ্ছাৰিত হৈছিল নজৰুলৰ নাম ৷ নজৰুলৰ নেতৃত্বতে লামডিং সংৰক্ষিত বনাঞ্চলত চলিছিল বন ভূমি বিক্ৰীৰ অভিযান ৷
ইয়াৰ পাছতেই হোজাই আৰক্ষীয়ে লামডিং আৰক্ষীত থানাত নজৰুলৰ বিৰুদ্ধে গোছৰ নং 224/21 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 147/427/326/506/307/ আৰু বন আইনৰ 24 AB 25, ABCD/42/61 ধাৰাৰ গোছৰৰ ভিত্তিত অভিযান অব্যাহত ৰাখিছিল ৷ সোমবাৰে নিশা হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰানজীৎ দুৱৰাৰ নেতৃত্বত অভিযান চলাই নখুঁটীৰ পৰা আটক কৰে কুখ্যাৎ ভু-মাফিয়া নজৰুল হুছেইনক৷ নজৰুলৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে আনোৱাৰ হুছেইন নামৰ অন্য এজন মাটি দালালকো আটক কৰে ৷
মঙলবাৰে দুয়ো অভিযুক্তকে শংকৰদেৱ নগৰ আদালত হাজিৰ কৰি সাতদিনৰ বাবে আৰক্ষীয়ে জিম্মাত বিছাৰিব বুলি আৰক্ষী অধীক্ষক বৰুন পুৰুকায়স্তই জানিব দিয়ে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লামডিং বনাঞ্চলৰ ভূমি বিক্ৰীৰ লগত জড়িত কোনোৱে সাৰি নাযায় বুলি জানিব দিয়ে ৷












