![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ বাবে কামৰূপ(ম) জিলা উপায়ুক্তৰ কাৰ্যালয়ত যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পৰ্যালোচনা বৈঠক।
অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কামৰূপ চেম্বাৰছ অফ কমাৰ্চ, পামহিৰ শাক-পাচলি পাইকাৰী ব্যৱসায়ী সন্থা, ফিছফেদ অসম, আলু-পিঁয়াজ পাইকাৰীৰ ব্যৱসায়ী সন্থা, কণী ব্যৱসায়ী সন্থা প্ৰতিনিধিৰে মিলিত বৈঠকৰ অন্তত দাসৰ ঘোষণা- ‘মন গ’লেই শাক-পাচলি, আলু পিঁয়াজৰ দাম বৃদ্ধিৰ কৰিব নোৱাৰিব খুচুৰা ব্যৱসায়ীয়ে । অসাধু-খুচুৰা ব্যৱসায়ীৰ দাম বৃদ্ধি কৰিলেই প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। অধিক দাম নিয়ন্ত্ৰণ কৰা বাবে যোগান বিভাগ কঠোৰ হ’ব বুলিও তেওঁ লগতে কয়।
অসাধু-খুচুৰা ব্যৱসায়ীক নিয়ন্ত্ৰণ বাবে যোগান বিভাগে টাস্ক ফোৰ্চ গঠন কৰিব বুলিও মন্ত্ৰী দাসে ঘোষণা কৰে। বজাৰে বজাৰে টাস্ক ফোৰ্চৰ দলে চলাব অসাধু ব্যৱসায়ী বিৰুদ্ধে অভিযান। সামগ্ৰীৰ মূল্য পাৰ্থক্য বজাৰে বজাৰে নিৰীক্ষণ কৰিব যোগান বিভাগৰ টাস্ক ফোৰ্চৰ টিমে।
ইফালে, অত্যাৱশ্যকীয় সামগ্ৰী দাম শীঘ্ৰে হ্ৰাস পাব বুলি আশ্বাস প্ৰদান কৰি মন্ত্ৰী দাসে কয়- মচুৰ দাইল বা মগু দাইল, আলু মূল্য সমগ্ৰ দেশত প্ৰায় একেই। ১টকা মানৰ তাৰতম্য। আলু বৰ্তমান ২০টকা মূল্যত খুচুৰা দোকানত বিক্ৰী হৈ থকা বিপৰীতে বগা পিঁয়াজ ২০-২৮টকা আৰু ৰঙা পিয়াঁজ ৪০টকা মূল্যত বিক্ৰী হৈছে আছে পাইকাৰী ব্যৱসায়ীৰ পৰা। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই পিয়াঁজ খুচুৰা ব্যৱসায়ীয়ে অধিক মূল্যত বিক্ৰী কৰি আছে। ৪০-৭৫লৈ বৃদ্ধি কৰি থৈছে ৰঙা পিয়াঁজৰ মূল্য আনহাতে বগা পিয়াঁজৰ মূল্য ৪০টকালৈ বৃদ্ধি কৰিছে।
কামৰূপ মহানগৰ জিলাত আজি এনফৰ্চমেন্ট টিম গঠনৰ নিৰ্দেশ মন্ত্ৰী। ব্যৱসায়ীক সতৰ্ক কৰি মন্ত্ৰী স্পষ্ট ঘোষণা- পাইকাৰী মূল্যতকৈ খুচুৰা ব্যৱসায়ীয়ে ৫-৬ টকালৈহে মূল্য বৃদ্ধি কৰিব পাৰিব। আগন্তক দুই-এদিনৰ ভিতৰতে টাস্ক ফোৰ্চ গঠন হ’ব বুলি আজি বৈঠক অন্তত জানিব দিয়ে দাসে। ইফালে বজাৰে বজাৰে পাচলিৰ মূল্য নিৰ্ধাৰণ কৰা দফলক আৰি দিয়াৰ লগতে, এটা এ’পও মুকলি কৰা কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
মিঠাতেলৰ দাম বৃদ্ধি সন্দৰ্ভত মন্ত্ৰী দাসে কয়-সঁৰিয়হৰ খেতি অসমত অধিক কৰিলেহে মূল্য হ্ৰাস পাব। মধ্যভোগীয়ে দাম নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা আগন্তুক দিনত নাথাকিব বুলিও লগতে তেওঁ কয়।













