![]()
নিউজ ডেস্কঃ
মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত ছহিদ হোৱা অসম ৰাইফলছৰ জোৱান চুমন স্বৰ্গিয়াৰীৰ পৰিয়ালক বুধবাৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বাক্সা জিলাৰ থাইকাৰকুছি কাহিবাৰী গাওঁস্থিত ছহিদ জোৱানজনৰ ঘৰত উপস্থিত হৈ ছহিদগৰাকীলৈ শ্ৰদ্ধা জনায় মুখ্যমন্ত্ৰীয়ে৷ লগতে পৰিয়ালৰ হাতত ৫০ লাখ টকাৰ এখন চেক প্ৰদান কৰে৷ উল্লেখ্য, যোৱা ১৩ নৱেম্বৰ, শনিবাৰে উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছিল চুমন স্বৰ্গিয়াৰী৷ ১৫ নৱেম্বৰত ছহিদ চুমন স্বৰ্গিয়াৰীৰ শেষকৃত্য সম্পন্ন কৰা হয় তেওঁৰ নিজ গাঁৱত৷













