![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হয় ! এনে প্ৰশ্নবোৰেই যেন বৰ্তমান সময়ত বাৰে বাৰে উত্থাপিত হয় । আমাৰ সমাজত এতিয়া এনে ৰূঢ় বাস্তৱ ঘটনা প্ৰায়ে সুলভ হৈ পৰিছে । দৰিদ্ৰতাৰ বাবে কোনোৱে যদি নিজৰ সন্তানক লাখ টকাত বিক্ৰী কৰিছে, আন কোনো পিতৃ-মাতৃয়ে সন্তানক কৰিছে নিঠৰুৱা । এনে এক কৰুণ ঘটনাই সংঘটিত হৈছে লংকাৰ পুৰণা কাকী অঞ্চলত। এই দৃশ্য লংকাৰ পুৰণা কাকীৰ সীতানগৰ গাঁৱৰ । দুৰ্ভগীয়া এই শিশুটিৰ নাম বিকাশ বসুমতাৰী। বয়স মাথোঁ ১৩ বছৰ। থাকোতে সকলোৱেই আছিল বিকাশৰ। কিন্তু নিষ্ঠুৰ পৰিস্থিতিৰ কি যে এক আহ্বান ! জন্মদাত্ৰী পিতৃ-মাতৃয়েই কাঢ়ি লৈ গ’ল শিশুটিৰ ঠুনুকা সপোনবোৰ । থানবান হৈ পৰিল বিকাশৰ জীৱনৰ গতিপথ । কণমানি এই শিশুটিৰ সন্মুখত এতিয়া মাথোঁ প্ৰত্যাহ্বান । কিয়নো এঘাৰ বছৰ বয়সতেই সন্তান আৰু স্বামীক এৰি আন এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মাতৃ নীলিমা বসুমতাৰী।
ইফালে প্ৰায় এবছৰ পিছতে পিতৃ কৃষ্ণ বসুমতাৰীয়ে সকলো মাটি সম্পত্তি বিক্ৰী কৰি একমাত্ৰ পুত্ৰক নিঠৰুৱা কৰি ঘৰৰপৰা গুছি যায়। জীৱনৰ ঘাত-প্ৰতিঘাতৰ আদিপাঠৰ বোজা ল’ব পৰা নৌহঁওতেই মাত্ৰ এটা বছৰৰ ভিতৰতে সলনি হোৱা পৰিস্থিতিৰ ফলত কণমানি শিশুটিৰ মূৰত যেন সৰগ ভাঙি পৰিল।
ইফালে, ঘৰ এৰি গুছি যোৱা পিতৃয়ে ১৩ বছৰীয়া সন্তানৰ বাবে এৰি থৈ যায় সম্পত্তিৰ পৰিবৰ্তে কেইবালাক্ষ টকাৰ ঋণৰ বোজা । এতিয়া গাঁওবাসীয়েই একমাত্ৰ আশা ভৰসাৰ স্থল হৈ পৰিছে কণমানি বিকাশৰ বাবে। ৰাইজৰ পৰা খুজি মাগি পোৱা সামান্য টকাৰে ক্ষুধা নিবাৰণ কৰিছে শিশুটিয়ে। এতিয়া এই দুৰ্ভগীয়া শিশুটিক অতি প্ৰয়োজন নিৰাপত্তা তথা আৰ্থিক সাহাৰ্য। যিয়ে বাস্তৱায়িত কৰিব পাৰে কণমানি বিকাশৰ আধৰুৱা সপোনবোৰ ….যিয়ে ঘূৰাই আনিব পাৰে শিশুটিৰ মুখলৈ অকণমান হাঁহি।












