![]()
বিশেষ প্ৰতিনিধিঃ
নগাঁও : নগাঁৱৰ এগৰাকী ছাত্ৰীয়ে চেলেং চাদৰত দেশৰ ২৮খন ৰাজ্যৰ মেপ, প্ৰতীক চিহ্ন, ঐতিহ্যমণ্ডিত স্হান, মহাত্মা গান্ধী-শংকৰদেৱকে ধৰি বিভিন্ন চিত্ৰ একেলগে অংকন কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । নগাঁও চহৰৰ সমীপৰ বিৰহ বেবেজীয়াৰ এই যুৱতী গৰাকীৰ নাম জ্যোতিকা দেৱী ।
জ্যোতিকা দেৱী নগাওঁ জিলাৰ বিৰহ বেবেজীয়াৰ বিবি ভোলাৰাম নাথ আৰু বিবি দেৱীৰ কনিষ্ঠ কন্যা । জ্যোতিকাই এখন চেলেঙত অংকন কৰিছে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ নিজৰ নিজৰ জাতীয় প্ৰতীক । চেলেংখনত ২০৯টা চিত্ৰ একেলগে আছে। চিত্ৰসমূহৰ ভিতৰত আছে কামাখ্যা মন্দিৰ, যঁতৰত সূঁতা কাটি থকা অৱস্থাত মহাত্মা গান্ধী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, কামাখ্যা মন্দিৰ, তাজমহল, ৰংঘৰ, ভাৰত মাতা কী জয়, ৰংঘৰ, বিভিন্ন ৰাজ্যত প্ৰতীকি চৰাই আদি। প্ৰতিদিনাই ১২-১৩ ঘন্টাকৈ অংকন কৰি এই ছবিখন সম্পূৰ্ণ কৰোতে জ্যোতিকাক এমাহ সময়ৰ প্ৰয়োজন হয় ।

যুৱতীগৰাকীৰ মতে এই ছবিখন ছাত্ৰ-ছাত্ৰীৰ বাবে সহায়ক হ’ব । তেওঁলোকে ছবিখন চাই একেলগে বহু কথা জানিব পাৰিব । লক্ষণীয় কথা যে শিল্পী জ্যোতিকা দেৱী এগৰাকী বিজ্ঞানৰ ছাত্ৰী । চলিত বৰ্ষত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা জ্যোতিকাই চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাতো উত্তীৰ্ণ হয়। তেওঁ শীঘ্রে অসমৰ কোনো এখন মেডিকেল কলেজত নাম ভৰ্তি কৰিব। জ্যোতিকাই তেওঁ অংকন কৰা ছবিখন গুৱাহাটীৰ কলা ক্ষেত্ৰত সংৰক্ষণ হৈ থকাটো বিচৰে।













