![]()
নিউজ ডেস্কঃ
কৃষি আইনৰ পক্ষত আছিল অভিনেত্রী কঙ্গনা ৰানাৱাট। কিন্তু শুক্রবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সেই আইন প্রত্যাহাৰ কৰাত তেওঁ ৰুষ্ট। প্রকাশ্যেই ইয়াৰ বহিপ্ৰকাশ ঘটালে। ইনষ্টাগ্রামত লিখিছে, ‘এইবাৰ কি ৰাস্তাত নমা মানুহেই দেশৰ আইন ঠিক কৰিব। নির্বাচিত চৰকাৰে নহয়? যদি সেয়াই হয় তেন্তে এই দেশখনতো জেহাদিৰ দেশ হৈ গ’ল।’ কঙ্গনাৰ মত, ইয়াতকৈ লজ্জাৰ বিষয় আৰু কি হ’ব পাৰে।
মোদীৰ সিদ্ধান্তত প্রকাশ্যেই আপত্তি জনাই কঙ্গনাই লিখিছে, ‘দেশৰ মানুহৰ যদি বোধ নাথাকে তেন্তে তেওঁলোকক লাঠি লৈ শাসন কৰিব লাগিব। এই দেশত সেইটোৱে একমাত্র সমাধান আৰু একনায়কতন্ত্রই শ্রেষ্ঠ বিকল্প।’













