![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লামডিং বনাঞ্চলত হোৱা উচ্ছেদস্থলীত আজি উপস্থিত হয় মন্ত্রী পীয়ুজ হাজৰিকা। গুৱাহাটী উচ্চ ন্যায়লয়ৰ নিৰ্দেশ মৰ্মে লামডিং বনাঞ্চলত উচ্ছেদ হৈছিল। উচ্ছেদিত লোকসকলৰ ৯০% মানুহৰ মাটি বেলেগ ঠাইত আছেই। যিখিনি মানুহে লামডিং বনাঞ্চলত ঘৰে ঘৰে ৩০০/৪০০ বিঘা মাটি লৈ আছিল সেইবোৰ কৰিলে আমাৰ প্ৰকৃতিৰ ভাৰসাম্য নাইকীয়া হৈ যাৱ। সেইটো চৰকাৰে কৰিব দিৱ নোৱাৰে। চৰকাৰী ভূমিত বেদখলকাৰীক উচ্ছেদ কৰা ক্ষেত্ৰত চৰকাৰ সদাই দৃঢ়। লামডিং বনাঞ্চলৰ উচ্ছেদিত ৰাইজৰ যিসকলৰ মাটি নাই সেইসকলক চৰকাৰৰ ফালৰ পৰা মাটি দিয়া ব্যবস্থা কৰা হ’ব। উচ্ছেদিত লোকসকলে লামডিং বনাঞ্চলৰ পৰা উঠি যোৱা প্ৰতিশ্ৰুতি দিলে, তেওঁলোকৰ খেতিসমূহো আনিবলৈ দিয়া হ’ব।
আনহাতে, অস্হায়ীভাবে বাহৰ পাতি থকা উচ্চেদিত লোকসকলৰ খৱৰ নোলোৱাত মন্ত্রীগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলাক্ষিত হয় একাংশক।












