![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : ‘এন্টনী মোৰ নাম’, ‘ভাই ভাই’, ‘বংশধৰ’ আদি অসমীয়া কথাছবিত কন্ঠদানেৰে জনপ্রিয় হৈ পৰা প্ৰবীন কন্ঠ শিল্পী অঞ্জলী কটকী ভাগৱতীৰ ন-পুৰনি ১২টা গীত সন্নিৱিষ্ট ‘ৰ’দৰ ছাঁ’ শীৰ্ষক এটি শ্ৰব্য কেছেটৰ লগতে কন্ঠশিল্পী গৰাকীৰ স্বামী অৱসৰপ্ৰাপ্ত অভিযন্তা ৰমেন ভাগৱতীয়ে ইলেকট্ৰিকেল হাৱাইন গীটাৰত সংগীতৰ সুৰেৰে সজাই তোলা ‘লহৰ’ শীৰ্ষক আন এটি শ্ৰব্য কেছেট আজি নগাঁও প্ৰেছ ক্লাবত উন্মোচন কৰা হয় ।
শ্ৰব্য কেছেট দুটি উন্মোচন কৰে ক্ৰমে বিশিষ্ট সমাজসেৱী মাখনি কটকী, কন্ঠশিল্পী আৰিফুল হক, কৃষ্ণমনি নাথ, বিশিষ্ট সংগীত ব্যৱস্থাপক মানস হাজৰিকা, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, জিতেন বৰকটকীৰ লগতে শিল্পী গৰাকীৰ ভাতৃ ডা: যদুমণি কটকী, নীলমণি কটকী আৰু বুদ্ধ কটকীয়ে।
সমাজকৰ্মী অলকমণি ভট্টাচাৰ্য্যই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নিজৰ সাংস্কৃতিক জীৱনৰ কিছু অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি শিল্পী অঞ্জলী কটকী ভাগৱতী আৰু ৰমেন ভাগৱতীৰ এনে প্ৰচেষ্টাৰ শলাগ লয়।

আনহাতে, শ্ৰব্য কেছেট দুটি উন্মোচন কৰি মাখনী কটকী, আৰিফুল হক, কনক হাজৰিকা, জিতেন বৰকটকী কৃষ্ণমণি নাথ আৰু মানস হাজৰিকাই শিল্পী অঞ্জলী কটকী ভাগৱতী আৰু ৰমেন ভাগৱতীয়ে প্ৰস্ত্তত কৰা শ্ৰব্য কেছেট দুটিয়ে শ্ৰোতা ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে এনে প্ৰচেষ্টাৰ বাবে শিল্পী দম্পতীক অভিনন্দন জ্ঞাপন কৰে।
উল্লেখ্য যে আজি এই শিল্পী দম্পতীৰ ৩৩ সংখ্যক বিবাহ বাৰ্ষিকীৰ দিনটোত তেওঁলোকৰ প্ৰতিভাৰ সমল স্বৰূপ শ্ৰব্য কেছেট দুটি উন্মোচন কৰা হয়। আনহাতে ইউ টিউবতো কেছেটৰ গীতসমূহ উপলব্ধ বুলি ভাগৱতী দম্পতীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে অৱসৰপ্ৰাপ্ত অভিযন্তা ৰমেন ভাগৱতীয়ে অৱসৰৰ সময়ত হাৱাইন গীটাৰ শিকি কম সময়ত এনেদৰে কেছেট উলিয়াই নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে।আনহাতে কেছেট উন্মোচনী অনুষ্ঠানত কন্ঠশিল্পী অঞ্জলী কটকী ভাগৱতী, আৰিফুল হক, কমল লস্কৰ, ৰাজশ্ৰী ভট্টাচাৰ্য, ইমন কটকী আদিয়ে গীত পৰিবেশন কৰে ।













