নিউজ ডেস্কঃ
দুৰাৰোগ্য কেন্সাৰৰ সৈতে যুঁজি থাকিয়েই পুনৰ কামলৈ উভতিল কিৰণ খেৰ। চিকিৎসা বৰ্তমানো চলি আছে যদিও পূৰ্বতকৈ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। তাৰ বাবেই পুনৰ উভতে তেওঁ ৰিয়লিটা শ্বৰ বিচাৰকৰ আসনলৈ। তেওঁৰ প্রত্যাৱর্তনত আনন্দৰ লহৰ এতিয়া ইণ্ডিয়া’জ গট টেলেন্ট শ্বত। কিৰণৰ উপস্থিতি আৰু প্রাণৱন্ত ব্যক্তিত্বৰ কাৰণেই শ্বত অধিক জনপ্রিয়তা পাইছিল। প্রথম ছিজনৰ পৰাই এই শ্বৰ বিচাৰকৰ আসন আছিল কিৰণ। কেন্সাৰৰ সৈতে যুদ্ধ জাৰি ৰাখিয়েই পুনৰ নতুন ছিজনত বিচাৰকৰ আসনত বহে কিৰণ খেৰ।
আনন্দৰ এই মুহূর্ত ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে শিল্পা শেট্টিয়ে।