![]()
নিউজ ডেস্কঃ
আনন্দত আত্মহাৰা হৈ যোৱা বৰযাত্ৰীৰ হঠাৎ ঘটিল অথন্তৰ৷ মুহূৰ্ততে হুৱাদুৱা লাগি পৰে বৰযাত্ৰীৰ মাজত৷ বৰযাত্ৰীয়ে ফুটোৱা ফটকাই অগ্নিকাণ্ডৰ সৃষ্টি কৰে দৰাৰ গাড়ীত৷ কথমপি বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে দৰা আৰু তেওঁৰ সংগী ৷ এই ভিডিও এতিয়া ভাইৰেল৷ ঘটনাটো ঘটিছে গুজৰাটৰ পাঁচমহলত। এখন সুসজ্জিত ঘোঁড়াগাড়ীত উঠি কইনা ঘৰলৈ গৈছিল দৰা। পিছে বেণ্ডপাৰ্টি আৰু ফটকা-আতচবাজি ফুটাই বৰযাত্ৰীসকল।
https://www.youtube.com/watch?v=PzWOBMdimm0
কিন্তু সেই আনন্দই যে আতঙ্কত পৰিণত হ’ব কোনোৱেই হয়তো কল্পনাই কৰিব পৰা নাছিল। বৰযাত্ৰীসকলে ফুটোৱা ফটকা কেনেবাকৈ গৈ পৰে দৰাৰ সুসজ্জিত ঘোঁৰাগাড়ীত। লগে লগে গাড়ীখনত আগুৰি ধৰে জুয়ে। ততালৈকে গাড়ীৰ পৰা জঁপিয়াই প্রাণ ৰক্ষা কৰে দৰা আৰু তেওঁৰ লগত থকা সংগীকেইজনে। গাড়ীখনত জুয়ে আগুৰি ধৰাৰ লগে লগে সৃষ্টি হয় তীব্ৰ আতঙ্কৰ। শেষত যেনিবা স্থানীয় লোকসকলৰ সহযোগিতাত সেই জুই নুমাবলৈ সক্ষম হয়।










