![]()
নিউজ ডেস্কঃ
লগ কৰাৰ বাবে মাতি পঠাইছিল প্রেমিকক। লগ পায়েই সাবটি ধৰি প্রেমিকক চুম্বন কৰে প্রেমিকাই। তাৰ পিছতেই প্রেমিকৰ বুকুত এৰি দিয়ে পিষ্টলৰ গুলী৷ পিছে দৈৱক্ৰমে ৰক্ষা পৰে প্রেমিকৰ প্ৰাণ। বুধবাৰে নিশা এই ঘটনা ঘটে পশ্চিমবংগৰ পূব বর্ধমানৰ কটোৱা চহৰত। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় ব্যাপক চাঞ্চল্য। ঘটনা সংঘটিত কৰাৰ পিছৰ পৰাই পলাতক আছিল অভিযুক্ত প্ৰেমিকা। পিছত মোবাইলৰ লোকেচন পৰীক্ষা কৰি গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, অভিযুক্ত প্রেমিকা নাবালিকা।
আৰক্ষী সূত্র মতে, কেশিয়া মাঠপাড়াৰ বাসিন্দা লালচান্দ শ্বেখৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি উঠিছিল অভিযুক্ত প্রেমিকাৰ। প্রায় তিনি বছৰ ধৰি তেওঁলোকৰ মাজত প্ৰেমৰ সম্পর্ক। কিন্তু সম্প্রতি তেওঁলোকৰ মাজত সম্পর্কৰ অৱনতি ঘটা বুলি আৰক্ষীক জনাইছে লালচান্দে। প্রেমিকাক বিয়া কৰাব বিচৰা নাছিল তেওঁ। সম্প্রতি কাটোৱা এৰি ঝাড়খণ্ডলৈ গৈছিল নাবালিকা প্ৰেমিকা।
আৰক্ষীয়ে জনোৱা মতে, দিদিন পূৰ্বে ঝাড়খণ্ডৰ পৰা কটোৱালৈ উভতিছিল অভিযুক্ত। বুধবাৰে নিশা ৮.৩০ বজাত কাটোৱাৰ চার্কাছ ময়দানৰ এটি গলিত লালচান্দক সাক্ষাতৰ বাবে মাতি পঠায় তেওঁ। তাৰ পিছত চিনেমাৰ কাহিনীৰ দৰে চুম্বন কৰি গুলী চলায় প্ৰেমিকৰ ওপৰত। গুলীয়ে লালচান্দৰ জেকেট ফুটা কৰি পেটত ঘঁহনি খাই ওলাই যায়। অলপৰ বাবে বাচি যায় লালচান্দ।
কাটোৱা থানাত লালচান্দে দাখিল কৰা অভিযোগৰ ভিত্তিত প্রেমিকাৰ সন্ধানত তালাচী চলায় আৰক্ষীয়ে। মোবাইলৰ লোকেচনৰ আঁত ধৰি তেওঁক পিছত গ্রেপ্তাৰ কৰা হয়। উদ্ধাৰ হৈছে বন্দুকটোও। কিন্তু নাবালিকাগৰাকীৰ হাতলৈ বন্দুক কেনেদৰে আহিল সেই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে।










